বহু অপেক্ষাৰ অন্তত ছবিগৃহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় ছবি ৰৈ ৰৈ বিনালে।(Roi Roi Binale)
অসমীয়া ছবি জগতত ইতিহাস ৰচিলে ‘ৰৈ ৰৈ বিনালে’ই।
পুৱতিনিশাৰে পৰা আৰম্ভ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।
গুৱাহাটী মহানগৰীৰ মেট্ৰিক্সত ৪.২৫ বজাৰ পৰাই আৰম্ভ হ’ল ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।
ধেমাজীতো পুৱতি নিশাতেই আৰম্ভ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।
গুৱাহাটী মহানগৰীৰ মেট্ৰিক্সত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছিল এখন বিশেষ আসন।
এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি এখন আসন সংৰক্ষণ কৰি থোৱা হৈছে।
জুবিন গাৰ্গৰ প্ৰিয় ছবি ‘ৰৈ ৰৈ বিনালে’ চায় উচুপি উঠিল অনুৰাগী।
আনহাতে ছবিখনক লৈ চকুলো টুকি কি ৰাজেশ ভূঞাই ক’লে
‘বৰষুণজাকে বহু কথাই কৈ গৈছে। ৰাইজৰ সঁহাৰি দেখি ভাল লাগিছে।’ ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’।

