Roi Roi Binale Piracy: জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Roi Roi Binale Piracy) হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ দাখিল। ৩১ অক্টোবৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ছবি খনক ৰাইজে যথেষ্ট মৰম দিছে। প্ৰাণৰ শিল্পীগৰাকীৰ হেঁপাহৰ ছবিখন চাবলৈ সকলো অপেক্ষাৰে ৰৈ আছিল। অৱশেষত ৩১ অক্টোবৰত ছবিখনে মুক্তি লাভ কৰা পিছতে দৰ্শকে যথেষ্ট মৰম দিছে। ছবিখনে ভাল উপাৰ্জনো কৰিছে। অনকি অসমীয়া ছবিজগতৰ ইতিহাসত এই ছবিখনে ৰেকৰ্ড ভংগ কৰিছে। পুৱতি নিশাতে ছবি খনৰ প্ৰথম দৰ্শনী আৰম্ভ হয় ছবিগৃহত।

কিন্তু এচাম কাণ্ডজ্ঞানহীন ভাৱে ছবিখন ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড কৰি আছে। এই সন্দৰ্ভত ছবিখনে টীমে আৰু জুবিন অনুৰাগীয়ে বাৰে বাৰে অনুৰোধ কৰি আহিছে যে ছবিখন যাতে কোনোৱে ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড নকৰে। সকলোৱে যাতে ছবিখন উপভোগ কৰিবলৈ ছবি গৃহলৈ আহে।

তাৰ পিছতো একাংশ লোকে বাৰে বাৰে ছবিখন ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আফলোড কৰাত ক্ষোভ প্ৰকাশ কৰে ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰযোজক ৰাজেশ ভূঞাই।

আনহাতে আজি ছবিখন পাইৰেচী সন্দৰ্ভত চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ‘ৰৈ ৰৈ বিনালে’ৰ টীমে। শেহতীয়াকৈ বহুকেইটা ইউটিউব চেনেলে আপলোড কৰিছে ছবিখন।

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ বিৰুদ্ধে সৰৱ হৈ এজাহাৰ দাখিল কৰি প্ৰযোজক ৰাজেশ ভূঞাই কয়, পাইৰেচীৰ বিৰুদ্ধে আমাৰ প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা চাইবাৰ ক্ৰাইমত দাখিল কৰা হ’ল এখন লিখিত এজাহাৰ’।

লগতে তেওঁ সামাজিক মাধ্যমত লিখে, ‘আজি ৫১ দিন হল

তোৰ সুৰতে কথা এটা কও

হাৰ নামানো

বিস্বাস আছে অসমৰ ৰাইজে তোৰ সৃষ্টিক সদায় মৰম দিব

Piracy কৰা সকলৰ পৰিচয় ওলাই গল

সত‍্য কথা সিহত কেতিয়াও অসমীয়া হব নোৱাৰে

হাজাৰ চেচ্টা কৰক….

…..খাতিৰ নকৰো’


Related Articles