তেজপুৰত (Roi Roi Binale Piracy) ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচিৰ অভিযোগত এজনক আটক। তেজপুৰৰ TNZ ছবিগৃহত সন্ধিয়া ৭.৩০ বজাৰ দর্শনীত যুৱকজনে কৌশলেৰে মোবাইলত কৰিছিল ৰেকৰ্ডিং।
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাহিনী আৰু অভিনীত” ৰৈ ৰৈ বিনালে” ছবিখন কালি ৰাতি ৭:৩০বজাৰ পৰা তেজপুৰ মিচন চাৰিআলিস্থ টি এন জেড ছবি গৃহত এজন দৰ্শকে মোবাইল ফোনত ৰেকৰ্ডিং কৰা প্ৰত্যক্ষ কৰি এজন জুবিন অনুৰাগী তথা ছবি খনৰ দৰ্শক গৌতম শৰ্মাই প্ৰত্যক্ষ কৰি মোবাইলৰে ছবিখন ৰেকৰ্ডিং কৰা বিষয়টো ছবি গৃহৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই তাৎক্ষনিকভাবে আৰক্ষীক অৱগত কৰে।
আনহাতে তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কছাৰীগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাস তাৎক্ষনিকভাৱে ঘটনাস্থলীত উপস্থিতহৈ যুৱক জনক মোবাইলসহ আটক কৰে। ধৃত যুৱক জনক বিশ্বনাথ জিলাৰ বালিজুৰিৰ বিকাশ নেৱাৰ বুলি চিনাক্ত কৰিছে। আনহাতে আৰক্ষীয়ে জব্দ কৰা মোবাইলটোৰে বিকাশে এক ঘন্টা সাত মিনিট ছবিখন ৰেকৰ্ডিং কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

