Roi Roi Binale Poster: যোৰহাটত “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

যোৰহাটত জুবিন গাৰ্গৰ সপোনৰ চলচ্চিত্ৰ “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই ৷ (Roi Roi Binale Poster)

যোৰহাটৰ INOX চিনেমা গৃহৰ ওচৰত এই দুষ্কাৰ্য দুৰ্বৃত্তৰ।

আনহাতে কোকৰাঝাৰত দুৰ্বৃত্তই সংঘটিত কৰিলে ঘৃণনীয় কাণ্ড।

নিশা কোকৰাঝাৰ চহৰত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মুক্তি পাবলগীয়া “ৰৈ ৰৈ বিনালে” ছবিৰ পোষ্টাৰ ফালি পেলালে দুৰ্বৃত্তই।

কোকৰাঝাৰ চহৰৰ কোৰ্টপাৰাৰ দেৱলাত জুবিন অনুৰাগীয়ে লগোৱা প্ৰায় পঞ্চাশ খন পোষ্টাৰ ফালিলে দুৰ্বৃত্তই ৷

চিচি টিভি কেমেৰা থকা এছ বি আই বেংকৰ চৌহদৰ লগতে দেৱালত লগোৱা পোষ্টাৰ ফালি পেলোৱাত জুবিন অনুৰাগীয়ে হতভম্ব হৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

কেইদিনমান পূৰ্বেও কোকৰাঝাৰ সদৰ থানা ওচৰত দেৱালত অঁকা জুবিনৰ ছবিত ৰং সানি দিছিল দুৰ্বৃত্তই ।

Related Articles