‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম (Roi Roi Binale) দৰ্শনী চাই কান্দি কান্দি ওলাই আহিল দৰ্শক। সকলোৱে কান্দি কান্দি ওলাই আহি ক’লে- ‘জুবিন দাই সকলো জানিছিল।’
‘জুবিন গাৰ্গৰ সৈতে ঘটা সকলো ঘটনা সন্নিবিষ্ট হৈ আছে ছবিখনত। অনুৰাগীৰ হাহাকাৰ, চিনেমা শেষ হোৱাৰ পিছতো ছবিগৃহৰপৰা আহিব বিচৰা নাই দৰ্শক।’
‘আজি দাদা থকা হ’লে, দাদাক বহুত মিচ কৰিছো, সকলোৱে চিনেমাখন চাওক, চিনেমাখন চালে বুজি পাব বহু কথা’ ‘চিনেমাৰ কাহিনীৰ সৈতে মিল আছে জুবিনদাৰ কাহিনী’ ৰৈ ৰৈ বিনালে চাই হুকহুকাই কান্দি উঠিল অনুৰাগী ।
আনহাতে ৰৈ ৰৈ বিনালে শুভমুক্তিৰ প্ৰথম দিনটোত ছবিগৃহত উপস্হিত হৈ তেজপুৰ জুবিনিয়ানছৰ তৰফৰ পৰা প্ৰায় প্ৰতিজন দৰ্শকক একোটাকৈ নাহৰ পুলি আৰু জুবিন গাৰ্গৰ স্বাক্ষৰ সম্বলিত ছবিখনৰ পোষ্টাৰ বিতৰণ কৰা পৰিলক্ষিত হয়৷

