গুৱাহাটী , ২১ জুলাই । Roll Ball । ১৯ ৰ পৰা ২১ জুলাই লৈ কামৰুপ মেট্ৰো জিলা ৰোল বল সংস্হাৰ উদ্যোগত দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় অষ্টম আন্তঃজিলা চাম- জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপ । আজিৰ সামৰনিৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম পুলিচৰ এ আই জি পি প্ৰনৱজ্যোতি গোস্বামী জেষ্ঠ্য সাংবাদিক প্ৰনয় বৰদলৈ , কীমৰুপ ৰোল বল সন্থাৰ সভাপতি প্ৰিয়তনু বৰুৱা , অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন ।

অসম ৰোলবল সন্থাৰ সম্পাদক জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ – লৰা শাখাৰ ফাইনেলত কামৰূপে ডিব্ৰুগড়ক ১১-৯ গলত উত্তেজনাপুৰ্ন খেলত পৰাস্ত কৰে। তৃতীয় স্হান দখল কৰে – কামৰূপ মেট্ৰো ।
ছোৱালী শাখাত গুৱাহাটী য়ে কামৰূপক ১৩-৭ গলত পৰাস্ত কৰি বিজয়ী হোৱাৰ বিপৰীতে কামৰুপ মেট্ৰো তৃতীয় হয়।
শ্ৰেষ্ঠ খেলুৱৈ হয় টাচী ৰুংটা ড্ৰষথি দেৱী, ড্ৰুবি মহন্ত, সুশাংকৰ বৰা, জৈষ্নৱ শৰ্মা, কুসাগ্ৰ গগৈয়ে।
