
অসমৰ আগশাৰীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান(Rongali Bihu 2025) গুৱাহাটীৰ নিউ আর্ট প্লেয়াৰ্ছৰ সদস্য সকলে বিগত তিনিটা দশকত ৰঙালী বিহুৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্রত বিশেষ ভাবে আগবঢ়োৱা সেৱাৰ বাবে কেইগৰাকীমান সন্মানীয় জ্যেষ্ঠ ব্যক্তিক বিহুৰ সম্ভাষণ আৰু সন্মান জনাই আহিছে।
এই পৰম্পৰা ৰক্ষা কৰি এই বছৰৰ পহিলা বহাগ (১৫ এপ্রিল, ২০২৫) তাৰিখে নিউ আর্ট প্লেয়াৰ্ছে এক কাৰ্যসূচীৰ জৰিয়তে ক্রমে বিশিষ্টা লেখিকা, সমাজকৰ্মী আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগাৰৱালাৰ জীয়ৰী সত্যশ্ৰী আগাৰৱালা দাস, আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য্য, বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী জয়প্ৰকাশ গোৱেঙ্কা আৰু বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ ভূপেন ডেকাৰ বাসভৱনলৈ গৈ ৰঙালীৰ ওলগ আৰু সম্ভাষণ জনায়।
সম্ভাষণ গ্রহণ কৰি প্ৰতিগৰাকী ব্যক্তিয়েই নিউ আর্ট প্লেয়াৰ্ছৰ এনেধৰণৰ কাৰ্যসূচীৰ ভূয়সী প্রসংশা কৰে আৰু এই সন্মানৰ বাবে গৌৰৱান্বিত বুলি প্রকাশ কৰে। এই সম্বর্ধনা কাৰ্যসূচীত নিউ আর্ট প্লেয়াৰ্ছৰহৈ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচার্য্য, উপসভাপতি পুলক গোস্বামী, কোষাধক্ষ্য কল্যাণ কুমাৰ দাস, নয়ন প্ৰসাদ আৰু ৰূপান্ত কুমাৰ দাসে প্রতিনিধিত্ব কৰে।