যোৱা ১৪ এপ্ৰিলৰ দিনা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ(Rongali Bihu 2025) প্ৰাকক্ষণত শ্ৰীৰামৰ কুলগুৰু ভূমিক্ষেত্ৰ বশিষ্ঠাশ্ৰম দেৱালয়ৰ প্ৰাঙ্গনত অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ পঞ্চম বাৰ্ষিক গৰু বিহু দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰ আধাৰত তেল, মাহ, হালধীৰে গৰু নোৱাই-ধোৱাই লাও, বেঙেনা, ঠেকেৰা আদিৰে প্ৰস্তুত কৰা ছাটেৰে গৰুৰ সংৰক্ষণ আৰু সংবৰ্ধন কামনা কৰা হয়। “সুৰভি” শীৰ্ষক এখনি বছৰেকীয়া স্মৰণিকা আৰু কেৱল মাথো সনাতন তথ্য সম্বৃদ্ধ এখনি কেলেণ্ডাৰো উন্মোচন কৰা হয় গৰু বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা “সনাতন হিন্দু দৰ্শন, অসমীয়া জাতীয় সত্তা আৰু গৰু বিহুৰ প্ৰাসংগিকতা” শীৰ্ষক আলোচনা সভাত। উক্ত আলোচনা সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শঙ্কৰ দাস, লেখিকা জুলা শৰ্মা আৰু অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই নিজৰ নিজৰ বক্তব্য প্ৰকাশ কৰে।
কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য ৰঞ্জন বৰাই সভাৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে গৰু বিহু আয়োজন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সুন্দৰ ভাবে অৱলোকন কৰে। উক্ত সভাতেই অসমৰ জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙনি আগবঢ়োৱা পাঁচ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সন্মান প্ৰদান কৰা হয়।
অসমীয়া চলচ্চিত্ৰ জগতৰ চৰিত্ৰাভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী আৰু পৰিচালক মনোজ শইকীয়াক উক্ত সভাত কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা ক্ৰমে “হাঁহিৰ কৰ্মকাৰ” আৰু “হাঁহিৰ খনিকৰ” হিচাপে মান্যতা প্ৰদান কৰা হয়। “ঢোলৰ যাদুকৰ” হিচাপে মান্যতা প্ৰদান কৰা হয় বিশিষ্ট ঢুলীয়া দেবেশ্বৰ শইকীয়াক। লগতে, কণ্ঠশিল্পী বিজয় ভূঞালৈ পৰিষদে “অসমীয়া বিহুসুৰীয়া গীতৰ সম্ৰাট” উপাধি প্ৰদান কৰাৰ লগতে দিশপুৰ নাৰ্চিং ইন্সটিটিউটৰ অধ্যক্ষ মানৱ কাকতিক “সমাজহিতৈষী সত্তা” হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে বৰপেটাৰ হোলীগীতৰ শিল্পী সোণালী দাসক বিশেষ লোকশিল্পী সন্মান প্ৰদান কৰা হয়। দিহানামৰ গুৰু উপাধি প্ৰাপক লোকশিল্পী তথা পৰিষদৰ সাধাৰণ সম্পাদক অমিয়া নেওগ কলিতাই আঁত ধৰা অনুষ্ঠানটি বিয়লি গৰুক জাগ দিয়া আৰু বিহু-হুঁচৰীৰ লগতে বাৰে বৰণীয়া সাংস্কৃতিক গীত-নৃত্যৰে গৰু বিহু পালন কৰা হয়।