Breaking

বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপন

0 105

উত্তৰ গুৱাহাটীৰ অতি প্ৰাচীন বিহু সন্মিলন বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনী শিলসাঁকো য়ে ৩০ চ’ত পৰা ৬দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু আয়োজন কৰে।৩০ চ’তৰ পৰা নৱবৰ্ষৰ প্ৰথম ৪ দিন বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীয়ে মহিলা, যুৱক, যুৱতী তথা শিশু সকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰে। ৫ আৰু ৬ মে তাৰিখে আয়োজন কৰে বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী।

প্ৰথম দিনা স্বৰ্গীয় পবিত্ৰ কুমাৰ বৰুৱা সোঁৱৰণী মঞ্চত সাংস্কৃতিক কাৰ্যসূচীত কন্ঠ শিল্পী শিৱসাগৰৰ বৰ্নিল বৰুৱাৰ গীতে ৰাইজক আপ্লুত কৰে, এই মঞ্চতেই সুকন্ঠী গায়িকা স্বৰ্গীয় ভিতালী দাসৰ জীয়ৰী কোমলিকা কাশ্যপৰ সংগীত পৰিবেশনে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। সকলোৱে কোমলিকাৰ কন্ঠত উত্তৰ গুৱাহাটীৰ অতি আদৰৰ কন্ঠ শিল্পী প্ৰয়াত ভিতালী দাসৰ কন্ঠৰ সুবাস বিচাৰি পাইছে।

দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচী স্বৰ্গীয় ব্ৰজেন্দ্ৰ কুমাৰ বৰুৱা সোঁৱৰণী মঞ্চত বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ৰঙালী বিহুত অনুষ্ঠিত কৰা বিভিন্ন খেল-ধেমালীৰ বঁটা প্ৰদানো কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত সভিপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি চন্দন কান্ত বৰুৱাই। সভাপতি চন্দন কান্ত বৰুৱাই এই ৰঙালী বিহু উদয্পন সমিতিলৈ সহায় সহযোগ আগবঢ়োৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। তেখেতে বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক।

অসম চৰকাৰ তথা তেখেতৰ এই সহযোগে অসমৰ প্ৰতিখন বিহু তলিলৈ এক প্ৰানৰ সঞ্চাৰ আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট ব্যক্তি পদুম শইকীয়াৰ উপৰিও উত্তৰ গুৱাহাটী পৌৰনিগমৰ পাৰিষদ মানবী বৰুৱা আৰু প্ৰয়াত ব্ৰজেন্দ্ৰ কুমাৰ বৰুৱাৰ সহধৰ্মিনী ৰুমী বৰুৱা। বঁটা প্ৰদানকে আদি কৰি সাংস্কৃতিক অনুষ্ঠানটোৰ সুন্দৰ তথা শৃংখলাবদ্ধ ভাবে পৰিচালনা কৰে সামাজিক ব্যক্তি চন্দন বৰুৱা আৰু তেওঁক সহযোগ কৰে বিদিতা ভট্টাচাৰ্য্যই । দ্বিতীয় দিনাৰ সাংস্কৃতিক কাৰ্যসূচীৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক তথা উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চিৰ অধ্যক্ষ চিকিৎসক ডাঃ মনোজ আগৰৱালাই।

ডাঃ মনোজ আগৰৱালাই মঞ্চ উদ্বোধন কৰি ৰাইজক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাষন প্ৰসংগত ডাঃ আগৰৱালাই অসমৰ বিহুৱে গ্ৰিনিজ বুক অৱ ৱৰ্ল্ডত স্থান লাভ কৰি বিহুৰ লগতে অসমীয়া জাতিৰ বাবে এক বৃহৎ গৌৰৱ বুলি উল্লেখ কৰে। গামোচা খন আমাৰ স্বভিমানৰ প্ৰতিক। এই গামোচা খনে জি আই টেগ লাভ কৰি আন্তঃৰাষ্ট্ৰীয় মান্যতাৰে জাতিটোলৈ আন এক গৌৰৱৰ কঢ়িয়াই আনিবলৈ সক্ষম হল। বৰ্তমান চেলিব্ৰিটী বোৰে আমাৰ এই আদৰৰ গামোচা খন ডিঙিত লৈ আমাৰ গৌৰৱক আন এক উচ্চ পৰ্যায়লৈ লৈ যোৱা বুলি উল্লেখ কৰে।

এই গামোচা খনতেই আমাৰ জাতিটোৰ সৰ্বোচ্চ মৰম ,আদৰ আৰু সন্মান নিহিত হৈ আছে বুলি উল্লেখ কৰে। ভাষন প্ৰসংগত তেওঁ উল্লেখ কৰে অসমীয়া জাতিটো বিভিন্ন ভাষা ধৰ্ম জাতি উপজাতিৰে সংপৃক্ত হৈ আমি এই বিহু পালন কৰি আহিছো।এই সংস্কৃতিয়ে আমাক এক শক্তিশালী এনাজৰীৰে বান্ধি ৰাখিছে গতিকে আমি গৌৰৱান্বিত অসমীয়া জাতি। সকলো লৈ তেওঁ শান্তি শৃংখলা বজাই ৰাখি বাপতি সাহোন ৰঙালী বিহুৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিবলৈ আহ্বান জনায় সাংস্কৃতিক মঞ্চ মুকলি কৰা বুলি ঘোষনা কৰে।

বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা এই সাংস্কৃতিক কাৰ্যসূচীত গ্ৰিনিজ বুক অৱ ৱৰ্ল্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিহুৱতী ঢুলিয়া আদিক সম্বৰ্দ্ধনা জনোৱা হয়। এই মঞ্চতে মুখ্যমন্ত্ৰী ব্যক্তিগত সহায়ক তথা সমাজসেৱক ৰঞ্জিত ভট্টাচাৰ্য্য উপস্থিত হৈ ৰাইজলৈ ৰঙালী বিহু আৰু নৱবৰ্ষৰ ওলগ জনোৱাৰ লগতে বহু কেইটি বিহু গীত পৰিৱেশন কৰি ৰাইজক আনন্দৰ খোৰাক দিয়ে। তেখেতৰ লগত সহযোগ কৰি বিশিষ্ট কন্ঠ শিল্পী কল্লোল বৰঠাকুৰেও গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। তেখেত সকলক উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। আমন্ত্ৰিত কন্ঠ শিল্পী বিদিশা চৌধুৰী আৰু প্ৰিয়ংকা ভৰালীয়ে বহু নিশা লৈ গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে।

Leave A Reply