নগাঁও : কালি নগাঁও ৰ’টাৰী ক্লাবৰ উদ্যোগত শিক্ষা সন্মান ২০২০ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় – আমাৰ সমাজৰ অতিকৈ সন্মানীয় ব্যক্তিসকল হৈছে শিক্ষক। তেওঁলোকেই আমাক পোহৰৰ বাট দেখুৱাইছে। জীৱনৰ পথৰ সন্ধান দিছে। মানৱ সম্পদ গঢ়াত শিক্ষক সমাজৰ অবদান অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় – মোৰ দেউতাও শিক্ষক আছিল। ময়ো শিক্ষা অনুষ্ঠানৰ লগত জড়িত। গতিকে শিক্ষাৰ পৰিৱেশৰ মাজত থাকি মই ভাল পাওঁ। সেয়ে শিক্ষাৰ সৈতে সংপৃক্ত অনুষ্ঠানলৈ আমন্ত্ৰিত হ’লে এই অনুষ্ঠানলৈ আহি মই গৌৰৱ অনুভৱ কৰোঁ। আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তি প্ৰতিস্থিত হৈছে, সেইসকল প্ৰতিস্থিত হোৱাত শিক্ষক সমাজৰ অৱদানক নুই কৰিব নোৱাৰি। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে, সম্প্ৰতি উচ্চ, উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি স্নাতক পৰ্যায়লৈকে নগাঁৱত পৰীক্ষাৰ ফলাফল আশাতীতভাৱে ভাল হৈছে। নগাঁও এতিয়া শৈক্ষিক হ’বলৈ ৰূপান্তৰিত হৈছে। এইয়া আমাৰ শিক্ষক সকলৰ বাবেই সম্ভৱ হৈছে। বিধায়ক গৰাকীয়ে ৰ’টাৰি ক্লাবৰ বিভিন্ন কাম-কাজৰ প্ৰশংসা কৰে। ক্লাবৰ সভাপতি নবীন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড. শৰৎ বৰকটকী, অবসৰপ্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষাবিদ দিলীপ বৰা আদিয়ে অংশগ্ৰহণ কৰে। ৰ’টাৰিয়ান অমিত ম’ৰে উদ্দেশ্য বাখ্যা কৰা সভাখনত ক্লাবৰ প্ৰাক্তন সভাপতি জোন ৰাজখোৱাই আদৰণি ভাষন দিয়ে। সভাতেই ১০ গৰাকী শিক্ষক ক্ৰমে বাবুল বৰা, ৰাজেন্দ্ৰ প্ৰসাদ, পূৰৱী বৰদলৈ, দিপ্তী দাস, পূৰ্ণীমা চৌধুৰী, মনালিছা হাজৰিকা, গৌতম চৰকাৰ, ৰোকছানা ভূঞা, অবন্তী গোস্বামী আৰু দিপালী শৰ্মাক শিক্ষা সন্মান ২০২০ প্ৰদান কৰা হয়।


