ৰুটি আৰু ভাত একেলগে খোৱাটো স্বাস্থ্যৰ (Roti and Rice) বাবে ক্ষতিকাৰক হ’ব পাৰে। ভাত আৰু ৰুটি পুষ্টিকৰ বুলি কোৱা হয়। কিন্তু ভাত আৰু ৰুটি একেলগে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
স্বাস্থ্য বিশেষজ্ঞৰ মতে আটা আৰু চাউল দুয়োবিধতে প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। যদি ভাত আৰু ৰুটি একেলগে খোৱা হয়, তেন্তে পাচনতন্ত্ৰই হজম কৰিবলৈ বহুত কষ্ট কৰিব লগা হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত বদহজম, গেছ, এচিডিটি আৰু উচ্চ ৰক্তশৰ্কৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ৰাতিৰ আহাৰত যদি ভাত আৰু ৰুটি একেলগে খায় তেন্তে ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপোনাৰ টোপনিৰ সমস্যা, ৰাতিপুৱা পেট গধুৰ অনুভৱ হ’ব পাৰে।
ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক-
বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ৰুটি-ভাত একেলগে খোৱাটো অধিক বিপদজনক। ৰুটি আৰু ভাত দুয়োটাৰে গ্লাইচেমিক ইনডেক্স বেছি, দুয়োটা একেলগে খালে ব্লাড চুগাৰৰ মাত্ৰা হঠাতে দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গতিকে আপুনি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰিলে দুয়োটা একেলগে নাখাব।
ভাত খালে কি হয়?
প্ৰতিটো পুষ্টিকৰ খাদ্যই শৰীৰৰ উপকাৰ কৰে। কিন্তু বহু সময়ত এনেকুৱাও হয় যে আপুনি দৈনিক যি খায় সেয়া পুষ্টিকৰ বুলি ভাবি, সেই খাদ্যই আপোনাক অসুস্থ কৰি তুলিব পাৰে। ভাতৰ ক্ষেত্ৰতো একে। ভাতে শৰীৰক তৎক্ষণাত শক্তি প্ৰদানৰ কাম কৰে, ভাত সোনকালে হজম নহয়। কিন্তু বেছিকৈ ভাত খালে ওজন বৃদ্ধি, ব্লাড চুগাৰৰ সমস্যা হ’ব পাৰে।
ৰুটি খালে কি হয়?
আনহাতে যদি আপুনি কেৱল ৰুটি খায়, তেন্তে ভাততকৈ ভাল ৰুটি। ৰুটিত আঁহ থাকে, ৰুটি খোৱাৰ পিছত আপোনাৰ বহু সময়লৈকে পেট ভৰি থকা অনুভৱ কৰে। ৰুটিত প্ৰটিন, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম থাকে, যিয়ে আপোনাৰ পাচনতন্ত্ৰ উন্নত কৰে। ইয়াৰ ফলত শৰীৰত শক্তি পোৱা যায়। আনহাতে ৰুটিয়ে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।
এতিয়া আপুনি হয়টো ভাবিছে যে যদি ৰুটি আৰু ভাত একেলগে নাখায়, তেন্তে কি খাব? বিশেষজ্ঞসকলৰ মতে, সুস্বাস্থ্যৰ বাবে মানুহে দিনটোত এবাৰ ভাত আৰু দিনটোত এবাৰ ৰুটি খাব লাগে।