Royal Endfield: কিয় বিশ্বজুৰি ৰয়েল এনফিল্ড মটৰ চাইকেল ইমান জনপ্ৰিয়

ৰয়েল এনফিল্ড, বিশ্বৰ মটৰ চাইকেল বজাৰত এক বিখ্যাত মডেল। ৰয়েল এনফিল্ডক বহুতে ভাৰতৰ ব্ৰেণ্ড বুলিহে গণ্য কৰে। যিহেতু ই ভাৰতীয় বাইকাৰৰ লগত ইমানেই জড়িত যে ইয়াৰ উৎপত্তি ভাৰতত যে নহয় ই বহুতৰেই অজ্ঞাত। ৰয়েল এনফিল্ডৰ শিপা আছে প্ৰকৃততে বৃটেইনত। ১৯০১ চনত ৰয়েল এনফিল্ডে যাত্ৰা আৰম্ভ কৰে। দুজন ব্ৰিটিছ উদ্যোগী বব ৱাকাৰ স্মিথ আৰু এলবাৰ্ট এডিয়ে এই মটৰ চাইকেলখন নিৰ্মাণ কৰিছিল। ১৯৫৫ চনত কোম্পানীটোৱে ভাৰতৰ মাদ্ৰাজ মটৰ্ছৰ সৈতে চেন্নাইত এছেম্বলি প্লাণ্ট স্থাপন কৰে। তেতিয়াৰ পৰাই ভাৰতৰ বাইক প্ৰেমীসকলৰ মনত ৰয়েল এনফিল্ডে ঠাই লয়। এই বাইকখন ভাৰতীয় বজাৰত অতি জনপ্ৰিয় কাৰণ ইয়াৰ শক্তিশালী ইঞ্জিন আৰু ষ্টাইলিছ লুক। বলীউডৰ বহু জনপ্ৰিয় তাৰকা আৰু ভাৰতীয় খেলুৱৈৰ প্ৰিয় ৰয়েল এনফিল্ড। ১৮৯৬ চনত এলবাৰ্ট এডিয়ে মিডলছেক্সৰ এনফিল্ডত থকা ৰয়েল স্মল আৰ্মছ ফেক্টৰীৰ বাবে যন্ত্ৰপাতি নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰে। ইয়াৰ পৰাই ৰয়েল এনফিল্ড নামটোৰ জন্ম হয়। সেই বছৰতেই তেওঁলোকে নিউ এনফিল্ড চাইকেল কোম্পানী লিমিটেড নামৰ এটা কোম্পানী ক্ৰয় কৰে। ইয়াৰ পৰাই ১৮৯৭ চনত ৰয়েল এনফিল্ডে সকলো ধৰণৰ চাইকেলৰ সঁজুলি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ইংলেণ্ডত মটৰচালিত চাইকেল ক্ৰমান্বয়ে জনপ্ৰিয় হোৱাৰ লগে লগে এনফিল্ড কোম্পানীয়েও মটৰ চাইকেল নিৰ্মাণৰ সিদ্ধান্ত লয়। দুবছৰ ধৰি চেষ্টা কৰাৰ পিছত ১৯০১ চনত ৰয়েল এনফিল্ডে প্ৰথমখন মটৰবাইক মুকলি কৰে। এই ২৩৯ চিচি মটৰবাইকখনৰ শক্তি আছিল ১১.২ হৰ্চপাৱাৰ (hp)। কিন্তু ১৯০৯ চনত নিৰ্মিত তেওঁলোকৰ ভি-টুইন ২৯৭ চিচি ইঞ্জিন মটৰ চাইকেলেই ৰয়েল এনফিল্ডলৈ সফলতা কঢ়িয়াই আনিছিল। তাৰ পিছত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া যুদ্ধক্ষেত্ৰত ব্যৱহাৰৰ বাবে মটৰ চাইকেলৰ বিপুল চাহিদা আছিল। সেই সময়ত ৰয়েল এনফিল্ডে যুদ্ধক্ষেত্ৰৰ বাবে উপযোগী এখন অতি ডাঙৰ মটৰ চাইকেল লৈ আহিছিল। সেইখন ৭৭০চিচি আৰু ৬এচপিৰ ভিভি-টুইন মটৰ চাইকেল আছিল। যুদ্ধৰ সময়ত ৰয়েল এনফিল্ডে এই মটৰচাইকেলসমূহ কেৱল ব্ৰিটিছ সেনাবাহিনীলৈয়ে নহয়, বেলজিয়াম, ফ্ৰান্স, আমেৰিকা আৰু ৰাছিয়া আদি মিত্ৰশক্তিৰ সৈন্যবাহিনীকো যোগান ধৰিছিল। এই মটৰবাইকসমূহৰ মজবুত গঠন আৰু যান্ত্ৰিক নিৰ্ভৰযোগ্যতাৰ বাবে বিভিন্ন দেশৰ সেনাবাহিনীৰ মাজত অতি জনপ্ৰিয় আছিল।কেৱল প্ৰথম বিশ্বযুদ্ধৰ সময়তে নহয় দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো যুদ্ধক্ষেত্ৰত ৰয়েল এনফিল্ড মটৰ চাইকেল জনপ্ৰিয় আছিল। ব্ৰিটিছ চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈ ৰয়েল এনফিল্ড কোম্পানীয়ে সামৰিক গ্ৰেডৰ মটৰ চাইকেল নিৰ্মাণ আৰম্ভ কৰে। সেই সময়ত তেওঁলোকে ২৫০ চিচি, ৩৫০ চিচি আৰু ৫৭০ চিচি ইঞ্জিনযুক্ত মটৰ চাইকেল নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত ৰয়েল এনফিল্ড ডব্লিউ ডি/আৰ ই মডেলটো বিমানৰ পৰা পেৰাচুটেৰে চলাব পৰা যাব। যুদ্ধৰ পিছৰ সময়ছোৱাত ৰয়েল এনফিল্ডে নতুন মডেলৰ বাইক প্ৰৱৰ্তন কৰিছিল। এই সময়ত বজাৰলৈ আহিছিল বিখ্যাত মডেল “বুলেট”। ৩৫০ আৰু ৫০০ চিচিৰ এই বাইক কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে। ইয়াৰ পিছত আহিল ডাঙৰ ৰয়েল এনফিল্ড ছুপাৰ মিটিয়ৰ আৰু ছুপাৰ মিটিয়ৰ কনষ্টেলেচন। ইয়াৰে প্ৰতিখন আছিল ৭০০ চি.চি.ৰ। ১৯৪৯ চনত ভাৰতৰ বজাৰলৈ আহিছিল প্ৰথম ৩৫০ চিচিৰ। দেশৰ সামৰিক বাহিনীয়ে প্ৰথমে সেনাৰ ব্যৱহাৰৰ উদ্দেশ্যে এই বাইকসমূহ ভাৰতলৈ লৈ আহিছিল। ভাৰতীয় সেনাই বুলেট ৩৫০ৰ প্ৰথম ৮০০ ইউনিটক দেশৰ সীমান্তত টহল দিবলৈ নিৰ্দেশ দিয়ে। ভাৰতীয় বজাৰত জনপ্ৰিয়তাৰ বাবে ৰয়েল এনফিল্ডে ১৯৫৫ চনত চেন্নাইৰ এটা অতিৰিক্ত কাৰখানাত মাদ্ৰাজ মটৰ্ছৰ সৈতে যৌথ উদ্যোগত উৎপাদন আৰম্ভ কৰে। প্ৰথম অৱস্থাত মটৰবাইক এছেম্বলিং এই কাৰখানাতে কৰা হৈছিল। কিন্তু ১৯৬২ চনৰ পৰা সমগ্ৰ মটৰ চাইকেলখন ভাৰতত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।

বৰ্তমান বিশ্বৰ ৫০ খনতকৈও অধিক দেশত ৰয়েল এনফিল্ড বিক্ৰী হয়। মূলতঃ গুণগত মান আৰু স্থায়িত্বৰ বাবেই ৰয়েল এনফিল্ড বাইক বিশ্ববিখ্যাত। বিভিন্ন মডেলৰ চি চি মটৰ চাইকেল বজাৰত উপলব্ধ। ইয়াৰ ভিতৰত ৩৫০ চিচি ইঞ্জিন বুলেট, ক্লাছিক, মিটিয়ৰ এণ্ড হাণ্টাৰ, ৪১১ চিচি স্ক্ৰাম, ৪৫০ চিচি গেৰিলা, হিমালয় আৰু ৬৫০ চিচি শ্বৰ্টগান, ছুপাৰ মিটিয়ৰ, ইন্টাৰচেপ্টৰ ৬৫০ আৰু কন্টিনেণ্টেল জিটি ৬৫০ মডেল অতি জনপ্ৰিয়।৩৫০ চিচিৰ প্ৰতিখন ৰয়েল এনফিল্ড বাইকত বেলেগ বেলেগ বৈশিষ্ট্য আছে। বুলেট, ক্লাছিক আৰু হাণ্টাৰ মডেলত উন্নত ইএফআই ইঞ্জিনৰ দ্বাৰা চালিত হ’ব। ক্লাছিক ৩৫০ মডেলত আছে একক চিলিণ্ডাৰ আৰু এয়াৰকুল্ড ৩৪৯ চিচি ইঞ্জিন। ই ৬,১০০ আৰ পি এমত ২০.২ বি এইচ পি হৰ্চপাৱাৰ আৰু ৪,০০০ আৰ পি এমত ২৭ এন এম টৰ্ক উৎপাদন কৰে। হাণ্টাৰ ৩৫০ মডেল বাইকখনৰ সন্মুখত ঘূৰণীয়া হেডলাইট, হেণ্ডেলবাৰৰ দুয়োফালে দুটা ৰিয়াৰ ভিউ মিৰ’ৰ, টাৰ্ণ ইনডিকেটৰ আৰু কনছ’ল আছে। লগতে ৰটাৰী চুইচ, টিয়াৰ-ড্ৰপ আকৃতিৰ ইন্ধনৰ টেংক। আনহাতে ৰয়েল এনফিল্ড বুলেট ৩৫০ এখন অতি পুৰণি মটৰবাইক। বাইকখনৰ বৰ্তমানৰ সংস্কৰণত ডুৱেল চেনেল এবিএছ ব্ৰেকিং চিষ্টেম ব্যৱহাৰ কৰা হৈছে। এই ব্ৰেকিং চিষ্টেমে বেয়া পথতো বাইকখন মসৃণভাৱে চলাবলৈ আৰু ৰ’বলৈ সহায় কৰে। মূলতঃ দীঘলীয়া ভ্ৰমণৰ বাবে এই বাইকখন জনপ্ৰিয়। আনহাতে ৰয়েল এনফিল্ড মিটিয়ৰ ৩৫০ আধুনিক ধাৰাৰ অভিজাত বাইক। ইয়াৰ ক্লাছিক ষ্টাইলৰ কনছ’ল পেনেল আৰু শক্তিশালী ঘূৰণীয়া হেডলাইট যথেষ্ট আকৰ্ষণীয়।

Related Articles