দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ অন্তৰ্গত মানকাচৰ খণ্ড উন্নয়নৰ অধীনত থকা কালাপানী গাওঁ পঞ্চায়তত বিভিন্ন আচনিৰ নামত কেইবা কৌটি টকা লুন্ঠন কৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ পএ দাখিল । অভিযোগ মতে বিত্তীয় বছৰ ২০১৮ চনৰ পৰা ২০২১ ২২ বৰ্ষত পঞায়ত খনত প্ৰধান মন্ত্ৰী গৃহ আৱাস যোজনাৰ গৃহ নিৰ্মাণ নামত বহু দুখীয়া হিতাধিকাৰীৰ পৰা সভাপতি মজিবৰ ৰহমান, সচীব জহিৰুল ইছলাম আৰু জি আৰ এচে বৃহৎ পৰিমাণৰ কমিচন সংগ্ৰহ কৰি লুণ্ঠন চলাই আছে। বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি পঞ্চায়তৰ বিষয় ববীয়াৰ নিৰ্দেশত নিজৰ খেয়াল খুচি মতে গৃহ নিৰ্মাণ কৰিছে যদিও বহু গৃহৰ কাম নকৰি বেলেগ মানুহৰ ঘৰৰ ফটো সংলগ্ন কৰি ফটো আপলোড দি তাতো চৰকাৰ তথা বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হয়। অভিযোগ পএত উল্লেখ কৰা মতে আধাৰ কাৰ্ড বনোৱাৰ নামত প্ৰতিজন হিতাধিকাৰী অথবা গ্ৰাহকৰ পৰা ৫০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত কমিচন সংগ্ৰহ কৰাৰ কথা অভিযোগ পএত উল্লেখ কৰে । পঞ্চায়ত খনত জব কাৰ্ড বনোৱাৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰি তাতো বহু টকা লুন্ঠন কৰে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে 14 Finance ৰ নামত আৰ্থ ফিলিংগ, ছি ছি ব্লগ, ছোলাৰ পাৱাৰ প্ৰজেক্ট, ফ্লৰ কাচটিং, বিভিন্ন প্ৰতিষ্ঠানৰ চাৰিসীমাৰ পকী বেৰৰ নামত কেইবা কৌটি টকা আৱণ্টন দিছিল আৰু ধনো মোকলাই দিছিল চৰকাৰে। কিন্তু উক্ত আচনিৰ মাথো ২০% শতাংশ কাম কৰি বাকী ৮০ শতাংশ টকা লুন্ঠন চলোৱা বুলি জানিব পৰা গৈছে। বিত্তীয় বছৰ ২০২০ চনত মাৰাত্মক কৰণা ভাইৰাছ প্ৰতিৰোধ কৰিব বাবে বিভাগে দুটা কিস্তিত ৫ লাখ ৮০ হাজাৰ টকা মাক্স ঞয় কৰি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ ধন আৱণ্টন দিছিল যদিও মাথাে ৬০০০ হাজাৰ টকাৰ মাক্স বিতৰণ কৰি বাকী ৫ লাখ ৭৭ হাজাৰ টকা আত্মসাৎ কৰে। ইয়াৰ উপৰিও সৌৰচালিত চোলাৰ অতি নিম্ন গামী পঞ্চায়তৰ বিভিন্ন ঠাইত দিছিল যদিও এমাহৰ ভিতৰত সকলো সোলাৰ নষ্ট হৈ যায়। গতিকে অনতি পলমে উক্ত দুৰ্ণীতি পৰায়ন সচীব, জি আৰ এছ আৰু সচীবৰ দুৰ্ণীতিৰ বিৰুদ্ধে তদন্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনায় অভিযোগ কাৰীয়ে ।এতিয়া জিলা উপায়ুক্ত কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হব ।

