Breaking

দীপৰ বিল পুনৰ্জীৱিতকৰণৰ বাবে বাজেটত ১০০ কোটি টকা ধাৰ্য

0 33

অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্য চৰকাৰে দীপৰ বিল পুনৰ্জীৱিতকৰণৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা আৰু ইয়াৰ বাবে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদনৰ ভিতৰে-বাহিৰে গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে দেওবাৰে বিয়লি বিধায়ক কলিতাক দীপৰ বিলৰ পাৰত ৰাজহুৱাভাৱে বিপুল সম্বৰ্ধনা জনোৱা হয়।

দীপৰ বিলৰ কাষৰীয়া মিকিৰপাৰা চকৰদৌ ৰাইজ গয়ৰহ আৰু দীপৰ বিল পাচপাৰা সমবায় সমিতি লিমিটেডৰ যৌথ উদ্যোগত এই উপলক্ষে অনুষ্ঠিত বিশাল ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে অগপ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাই। অনুষ্ঠানটোত দীপৰ বিলৰ কাষৰীয়া অঞ্চলকে ধৰি পশ্চিম গুৱাহাটীৰ প্ৰায় ৫৫ টা দল-সংগঠনে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক শৰাই, জাপি, গামোচা, ফুলৰ থোপা, চেলেং চাদৰকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ প্ৰদান কৰি সম্বৰ্দ্ধনা জনোৱাৰ লগতে পুনৰ্জীৱিতকৰণ আঁচনিখন যাতে সফলকাম হয় তাৰ ওপৰতো চকু ৰাখিবলৈ আহ্বান জনায়।

আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় – আজিৰ এই ৰাজহুৱা সম্বৰ্ধনাই দীপৰ বিলৰ ক্ষেত্ৰত তেওঁৰ দায়িত্ব আকৌ বৃদ্ধি কৰিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে থাকোতেই দীপৰ বিলক লৈ কিবা এটা কৰাৰ সপোন আছিল। ১৯৮৫ চনত পশ্চিম গুৱাহাটীৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা দীপৰ বিলৰ উন্নয়ন লৈ নিজকে আত্মনিয়োগ কৰিছিল।

২০০৬ চনত বিৰোধী দলৰ বিধায়ক হোৱা স্বত্বেও দীপৰ বিলৰ উন্নয়নৰ বাবে সদনৰ ভিতৰে-বাহিৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল। পৰৱৰ্তী ২০১৬ চনৰ পৰা এতিয়ালৈকে প্ৰায় চাৰে আঠ বছৰ ধৰি অসম বিধানসভাৰ প্ৰতিখন অধিবেশনতে সদায় দীপৰ বিলক লৈ চৰকাৰৰ কি আঁচনি আছে তাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল। অৱশেষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ চলিত অধিৱেশনত প্ৰথমবাৰৰ বাবে দীপৰ বিলৰ পুনৰ্জীৱিতকৰণ আঁচনিৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰে।

এই অভিলাসী পদক্ষেপৰ বাবে এই সভাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জনাইছো বুলি সদৰি কৰি এইক্ষেত্ৰত সময়ে সময়ে দিহা-পৰামৰ্শ দি অহা বাবে বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু সংবাদ মাধ্যমকো কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক কলিতাই।

সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট প্ৰাণীবিজ্ঞানী, শিক্ষাবিদ ডঃ বলেন্দ্ৰ কুমাৰ দাসে কয় দীপৰ বিলৰ পাৰৰ আজাৰাৰ সন্তান হিচাপে আজি চৰকাৰে বিলখনক পুনৰ্জীৱিতকৰণ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত আৰু ইয়াৰ বাবে স্থানীয় বিধায়ক হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লোৱা নেতৃত্বক আদৰণি জনাইছো। ই দীপৰ বিলৰ ইতিহাসত এক সোণালী অধ্যায় হিচাপে পৰিচিত হ’ব। সভাত গুৱাহাটী পৌৰ নিগমৰ অগপ দলৰ কেবাজনো পাৰিষদ, কেবাজনো পৰিৱেশবিদ, বিজ্ঞানী উপস্থিত থাকে।

Leave A Reply