বৰ্তমান সময়ত সকলো লোকেই নিজৰ প্ৰয়োজনীয়তা পূৰণৰ হেতু ক্ৰেডিট কাৰ্ড (Credit card) আৰু ডেবিট কাৰ্ড (Debit card) ব্যৱহাৰ কৰে। অৱশ্যে ক্ৰেডিট কাৰ্ডৰ গৰাকীৰ সকলৰ বাবে আজিৰ এই বিশেষ প্ৰতিবেদন। যদি আপোনাৰো ক্ৰেডিট কাৰ্ড আছে তেন্তে এই বাতৰি হ’ব অতি লাভজনক। এজন ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰাৰ পাছতেই ২ কোটি টকাৰ গৰাকী হৈছিল। এইটো সম্পূৰ্ণ সত্য ঘটনা। কিয়নো ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰাৰ পাছত গ্ৰাহকসকলে বেংকৰ পৰা পুৰস্কাৰ আৰু পইণ্ট লাভ কৰে, যাৰ বিনিময়ত গ্ৰাহকসকলে লাভ কৰে টকা।
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডৰ পুৰস্কাৰৰ (Reward) জৰিয়তে ২ কোটি ১৭ লাখ টকা উপাৰ্জন কৰে। ‘ৱাল ষ্ট্ৰীট জাৰ্ণাল’ৰ এক প্ৰতিবেদন অনুসৰি, কোষ্টাটিন অনিকেব নামৰ এজন ব্যক্তিয়ে তেওঁৰ ক্ৰেডিট কাৰ্ডৰ পৰা বৃহৎ সংখ্যক উপহাৰ কাৰ্ড ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত এইসমূহক ৰূপান্তৰ কৰিছিল নগদ ধনলৈ।
ক্ৰেডিট কাৰ্ডৰ সীমা অনুসৰি অনিকেবে দৈনিক উপহাৰ কাৰ্ড ক্ৰয় কৰিছিল আৰু তাৰ পিছত ইয়াক নগদ ধনলৈ ৰূপান্তৰ কৰিছিল। তাৰ পিছত তেওঁ টকাখিনি বেংক একাউণ্টত জমা কৰে আৰু ক্ৰেডিট কাৰ্ডৰ বিলো পৰিশোধ কৰে। এনে দৰে উপহাৰ কাৰ্ডৰ পৰা প্ৰাপ্ত কৰা পুৰস্কাৰৰ জৰিয়তে তেওঁৰ উপাৰ্জন হৈছিল।
আমেৰিকান এক্সপ্ৰেছৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল
আপোনাক জনাওঁ যে অনিকেবে আমেৰিকান এক্সপ্ৰেছ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গেলামালৰ দোকান বা ফাৰ্মাচীত ক্ৰয় কৰাৰ সময়ত ৫ শতাংশ সীমাহীন পুৰস্কাৰ লাভ কৰিছিল। লগতে তেওঁ গেলামালৰ দোকানলৈ গৈ প্ৰিপেইড ভিছা কাৰ্ড ক্ৰয় কৰিছিল। উপহাৰ কাৰ্ড ক্ৰয় কৰাৰ বাবে প্ৰতিদিনৰ এটা সীমা আছিল।
উল্লেখ্য যে, যেতিয়া অনিকেবে ৫০০ ডলাৰৰ উপহাৰ কাৰ্ড কিনিছিল তেতিয়া তেওঁ ৫ শতাংশত পুৰস্কাৰ পইণ্ট হিচাপে ২৫ ডলাৰ লাভ কৰিছিল। প্ৰতিবেদন অনুসৰি, এনেদৰেই অনিকেবে তিনি লাখ ডলাৰ (প্ৰায় ২ কোটি ১৭ লাখ) উপাৰ্জন কৰিছিল।
এই কথা জানিব পৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ বিভাগে বিষয়াসকলক সতৰ্ক কৰি দিছিল। ইয়াৰ পিছতেই আয়কৰ বিভাগে আয়ৰ তুলনাত অধিক সম্পত্তি সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু জাননী প্ৰেৰণ কৰে।

