Breaking

দৰমহা মাহে ২৪,০০০ টকা; লিখিত পৰীক্ষা নাই, সাক্ষাৎকাৰ ভিত্তিত নিযুক্তি

0 1,145

সেনাত চাকৰি কৰিবৰ বাবে বহুৱে আশা কৰে ৷ সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডত ওলাইছে কেতবোৰ চাকৰি৷ ইয়াৰ বাবে কোনো লিখিত পৰীক্ষা নহয় ৷ ইচ্ছুক প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ এই চৰকাৰী চাকৰিৰ বাবে প্ৰকাশ কৰা জাননী মতে সাক্ষাৎকাৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হ’ব৷ ইচ্ছুক প্ৰাৰ্থীয়ে অহা ৭ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব পাৰিব ৷ উল্লেখ যে ইয়াত মুঠ ৪০০টা পদ আছে ৷ জাননী মতে, নাপিত, ৱাছাৰমেন, ৰান্ধনি, দৰ্জি, মেৰামতি, কাঠমিস্ত্ৰী, প’ৰ্টাৰ আৰু ছাফাইৱালা আদি পদত নিযুক্তি দিয়া হ’ব ৷ এই চাকৰিত নিযুক্তি পোৱা সকলে প্ৰতি মাহে ২৪,৭২৯.৮৪ টকা দৰমহা পাব৷ এই চাকৰিৰ আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা সৰ্বাধিক ৪০ বছৰ হ’ব লাগিব৷ এই সন্দৰ্ভত http://www.davp.nic.in/ ৱেবছাইটত সবিশেষ জানিব পাৰিব ৷

Leave A Reply