Breaking

এটুপি সুৰা বিক্ৰি অবিহনে ৰাজহ সংগ্ৰহ ২,৬৪০ কোটি…

0 33

বিক্ৰি হোৱা নাই এটুপিও সুৰা। কিন্তু ৰাজকোষত জমা হৈছে কোটি কোটি ৰাজহ। সুৰা বিক্ৰিৰ অবিহনেই তেলেংগনা চৰকাৰে সংগ্ৰহ কৰিলে কোটি কোটি ৰাজহ। উল্লেখ্য যে এইবাৰ তেলেংগনা চৰকাৰে ৰাজ্যখনত ২,৬২০ খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। চৰকাৰে প্ৰতিখন আবেদনৰ লগত মাচুল ধাৰ্য কৰিছে ২ লাখ টকাকৈ। এই ধনৰাশি ওভোটাই দিয়া নহব। ইতিমধ্যে সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন দাখিল কৰা ১ লাখ ৩২ হাজাৰ খন। কোন ভাগ্যৱান অনুজ্ঞাপত্ৰ পাব সেয়া নিৰ্ধাৰণ কৰা হব লটাৰীযোগে।

পিছে অনুজ্ঞাপত্ৰ যিয়েই নেপাওঁক কিয় চৰকাৰৰ ৰাজকোষত জমা হ’ল ২,৬৪০ কোটি ৰাজহ। আনহাতে তেলেংগনা চৰকাৰে অনুজ্ঞাপত্ৰ লাভ কৰা সকলে জনসংখ্যা গাঁথনিৰ ওপৰত ভিত্তি কৰি বছৰি মাচুল আদায় দিব লাগিব ৫০ লাখ টকাৰ পৰা ১ কোটি ১ লাখকৈ টকা।

Leave A Reply