“ৰুদ্ৰ”ক লৈ দৰ্শকৰ উৎসাহ – অসমত চিনেমা হল বৃদ্ধি হ’বই লাগিব : ৰবি শৰ্মা । Rudra

Rudra । অসমীয়া চিনেমা ৰুদ্ৰ উপভোগ কৰিবলৈ আজি নগাঁৱত দৰ্শকে ভীৰ কৰা পৰিলক্ষিত হয়। আজি নগাঁও বৰঘাট বাইপাছস্থিত ৰিফ্ৰেছক’ হোটেলৰ অপেৰা চিনেমা হলত নগাঁৱৰ দৰ্শকে ৰুদ্ৰ চিনেমা হলত বিপুল সহাৰি জনোৱা পৰিলক্ষিত হয়। অপেৰা চিনেমা হলৰ চিনেমা খনৰ আটাইকেইটা দৰ্শনীত ৰাইজৰ সহাৰি উৎসাহজনক। ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় প্ৰতিটো চিনেমা হলত সগৌৰৱে চলি আছে বহু প্ৰত্যাশিত অসমীয়া চিনেমা ৰুদ্ৰ।

ছৱিগৃহৰ পৰা এমোকোৰা হাহিৰে ওলাই আহি একেমুখে দৰ্শকে চিনেমা খনক প্ৰশংসা কৰিছে। শ্ৰী ৰঘুপতিৰ সফলতাৰ পিছত প্ৰযোজক ৰবি শৰ্মাই প্ৰমাণ কৰিলে অসমীয়া চিনেমা উদ্যোগৰ উজ্জ্বল ভবিষ্যতৰ দিশটো। আজি নগাঁৱত চিনেমা খন প্ৰদৰ্শন হোৱাৰ পিছত প্ৰয়োজক ৰবি শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান অসমীয়া চিনেমাৰ প্ৰতি অসমৰ মানুহৰ আকৰ্ষণ বৃদ্ধি হৈছে। ভাল চিনেমা সৃষ্টি হলে অসমীয়া চিনেমাৰ ভবিষ্যত উজ্জ্বল।

তেওঁ লগতে কয় যে কোনো দুষ্ট চক্ৰই ৰুদ্ৰ চিনেমা ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে সেই সামাজিক মাধ্যমৰ পেজটো ডিলিট কৰাৰ ব্যৱস্থা লোৱা হ’ব। দৰ্শকে ৰুদ্ৰৰ প্ৰতি জনোৱা সহাৰি আৰু মৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি ৰবি শৰ্মাই কয় যে অসমত চিনেমা হল বৃদ্ধিৰ বাবে যঠেষ্ট কৰণীয় আছে। এই ক্ষেত্ৰত তেওঁ বহুদিনৰ পৰা কাম কৰি থকাৰ কথা উল্লেখ কৰে।

Related Articles