Breaking

ৰোকাখাতা-বানিয়াপাৰাত ৰঙালী বিহুৰ বিশাল সাংস্কৃতিক অনুষ্ঠান

0 19

বিলাসীপাৰাৰ ৰোকাখাতা- বানিয়াপাৰাত কালি অৰে নিশাজুৰি ৰঙালী বিহু উদযাপন কৰা হয়। তদুলক্ষে সন্ধিয়া বিহু মঞ্চ মুকলি কৰে মুখ্য অতিথি তথা অসমৰ বিশিষ্ট কবি,সাহিত্যিক আৰু লেখিকা গীতালী বৰুৱাই । তাত আমন্ত্ৰণীত অতি হিচাপে কামতাপুৰ স্বায়ত্বশাসিত পাৰিষদৰ কাৰ্যবাহী জীৱেশ ৰায়,চৰকাৰী পেঞ্চনাৰ প্ৰাপ্ত সাংবাদিক মোছলেমউদ্দিন আহমেদ, অধিবক্তা শ্বাহনাৱাজ হুছেইনে উপস্থিত থাকি বাপতিসাহোন ৰঙালী বিহুটি ৰোকাখাতা-বানিয়াপাৰা ইয়ং ক্লাৱে ৩৮ টা বছৰে পালন কৰি অহাত ধন্যবাদ জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে ।

তাৰোপৰি বিহু কুৱঁৰী,বিহু মইনা প্ৰতিযোগিতাত স্থান লাভ কৰা সকলোৰ হাতত মানপত্ৰ আৰু বঁটা প্ৰদান কৰে ।আমন্ত্ৰণীত অতিথি শিল্পীসকলৰ দ্বাৰা অৰে নিশাজুৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।ৰঙালী বিহুৰ উদযাপন সমিতিৰ সম্পাদক ফৰহাদ আলীয়ে বিহুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰা বিহু বৱীয়া ৰাইজলৈ বিহুৰ ওলগ জনাই ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply