৭ বছৰে চকী নলৰা আৰক্ষী বিষয়া ৰুণা নেওগ। পদোন্নতিৰ পিছতো ৰহস্যজনক ভাবে একেখন জিলাতেই কৰ্মৰত…

বহু অভিযোগত অভিযুক্ত হ’লেও শিৰত আছিল অদৃশ্য শক্তিৰ আশীৰ্বাদ। ২০১৬ বৰ্ষত লক্ষীমপুৰ জিলাত উপ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিছিল ৰুণা নেওগে। ২০১৭ চনত জিলাখনৰ মুখ্য কাৰ্যালয়ত উপ আৰক্ষী অধীক্ষক হিচাপে যোগদান। তাৰ পিছতেই ৰুণা নেওগৰ পদোন্নতি অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ। সম্ভবত আৰক্ষী বিভাগে ৰুণা নেওগৰ বাহিৰে যোগ্য আৰক্ষী বিষয়াৰ অভাৱৰ বাবে লক্ষীমপুৰ জিলাতেই ৰাখি থলে নেওগক। স্থানীয় ৰাইজৰ অভিযোগ এই গৰাকী বিষয়াৰ বাবেই জিলাখনত বৃদ্ধি পাইছে নকল সোন আৰু ছাল নোটৰ বেহা। কিয়নো তেনে চক্ৰক ৰক্ষণাবেক্ষণ দি আহিছিল ৰুণা নেওগে।

অভিযোগ মতে কাৰণ এই চক্ৰই লাভাৱান্বিত কৰি আহিছিল ৰুণা নেওগক। ৰাইজৰ অভিযোগক গুৰত্ব প্ৰদান কৰা নাছিল শীৰ্ষ মহলে। শেহতীয়াকৈ আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৱে জোকাৰিছে ৰুণা নেওগক। হাচিনা বেগম নামৰ মহিলা গৰাকীৰ বিস্ফোৰক ভাষ্যত বাধ্য হৈ ৰুণা নেওগক গৃহৰক্ষী বিভাগলৈ বদলি কৰিছে চৰকাৰে। আনহাতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে স্পষ্ট কৰি দি ঘোষনা কৰিছে যে চিআইডিয়ে দাখিল কৰা প্ৰতিবেদন মৰ্মে “একচন” লোৱা হব। আশ্চৰ্যজনক বিষয়যে জিলাখনত আৰক্ষী অধীক্ষক গৰাকীয়ে নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰি আহিছিল কিয়। জিলাখনৰ আইন শৃংখলাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক গৰাকীয়ে চকু মুদা কুলিৰ ভাও দি কৰ্তব্য পালন কৰি অহাটো নিশ্চিত ভাবে গ্ৰহণযোগ্য হব নোৱাৰে। বিষয়টোৰ সন্দৰ্ভত শীৰ্ষ মহলে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।

Related Articles