মহাপুৰুষ শ্ৰী মন্তশঙ্কৰদেৱৰ (Rupamoni Gogoi) “কৰতল কমল কমলদল নয়ন ” অতি কম সময়ত ওলোটাকৈ (মিৰৰ ৱৰ্ড ) লিখি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি গৌৰৱ কঢ়িয়ালে দৈনন্দিন বাৰ্তাৰ সাংবাদিক তথা চৰাইদেউ জিলা সাপেখাতীৰ ৰূপামণি গগৈয়ে।
ৰূপামণি গগৈৰ এই পাৰদৰ্শিতাৰ বাবে ১২ ছেপ্টেম্বৰ তাৰিখে এই স্বীকৃতি প্ৰদান কৰে। উল্লেখযোগ্য যে বিগত সময়ৰ পৰা এগৰাকী স্থানীয় সংবাদ দাতা হিচাপে নিয়োজিত ৰূপামণি গগৈয়ে বিভিন্ন আলোচনীত লেখা মেলা কৰাৰ লগতে কবিতা পুথি – কোৱা ন’হল তোমাক , তাৰ পাছত জেতুকা পাতৰ ৰং ,জীৱনৰ ৰং , শ্বায়েৰী সংকলন সপোনৰ মাধুৰীমা অকনিৰ সাঁথৰ , গল্প পুথি সেন্দুৰৰ ৰঙা ৰং আৰু প্ৰবন্ধ সংকনল নাৰীবাদ :অস্তিত্ব আৰু প্ৰতিঘাট প্ৰকাশ পোৱাৰ লগতে এখন গল্প পুথি প্ৰকাশৰ পথত । মিৰৰ ৰাইটিং ৰ বাবে 2021 চনত গ্ৰেট ইণ্ডিয়ান বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিছে । ইয়াৰ লগতে গোলাঘাটৰ ধনশিৰী নদীৰ বুকুত ১৩০ গৰাকী কবি একেলগে কবিতা পাঠ কৰি কহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান দৈনন্দিন বাৰ্তা , V&S tv ত সংবাদসেৱী হিচাপে কৰ্মৰত ৰূপামণি গগৈ সদৌ অসম কবি সন্মিলন সাপেখাতী শাখাৰ সম্পাদিকা , নদী নাৰী জাগ্ৰত শক্তি অসম চৰাইদেউ জিলাৰ সভানেত্ৰী ,ৰাজ্যিক পক্ষী দিৱস উদযাপন সমিতিৰ কাৰ্যকৰী সদস্যাৰ লগতে বিশ্ব পক্ষী দিৱস চৰাইদেউ জিলা সমিতিৰ যুটীয়া সম্পাদিকাৰ দায়িত্বত থকাৰ লগতে দুমহীয়া ই আলোচনীৰ যাত্রাৰ সাংস্কৃতিক সম্পাদিকা আৰু নিয়মীয়া লেখিকা ।
অসম লুতাদৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত গ্ৰাম্য সংবাদিকতা বঁটা , ফেচবুক কবিতা গ্ৰুপ সময়িকীৰ শ্ৰেষ্ঠ সাময়িকী সন্মান ,দিগদর্শন সাহিত্য সন্মান ,ঘন বড়া সোঁৱৰণী কবি সাহিত্যিক বঁটা , শিৱ নাথ ভূঞা আৰু দেৱ কুমাৰ ভূঞাৰ সোঁৱৰণীৰ অসম প্ৰাকৃতিক কবি সন্মিলনৰ শ্ৰেষ্ঠ কবিতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ দৈনন্দিন বাৰ্তা গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰিছে । তেওঁ সামাজিক মাধ্যমৰ সাহিত্যিক গ্রুপত বিভিন্ন বিষয়ৰ ওপৰত সাহিত্যৰ প্ৰতিযোগিতা স্থান লাভ কৰি আহিছে ।

