Breaking

বন্ধ হোৱাৰ দিশে ৰূপসী বিমানবন্দৰ!

0 33

এদিন দুদিন নহয়; সম্পূৰ্ণ ১১০ টা দিন কোনো ধৰণৰ জাননী অবিহনে ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ পৰা উৰা নাই ‘ফ্লাই বিগ’ নামৰ বিমান প্ৰতিষ্ঠানটোৰ বিমান। ইয়াতেই ক্ষুদ্ধ হৈ জনসাধাৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিটিআৰ চৰকাৰৰ এলাগী মনোভাৱক ধিক্কাৰ দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে “উড়ান-২” আৰু “উড়ান-৪” ৰ অধীনত ৩৯ বছৰ বন্ধ হৈ থকা ৰূপসী বিমানবন্দৰটোক নতুনকৈ নিৰ্মাণ কৰি তুলিছিল। ২০২১ বৰ্ষৰ ৭ মাৰ্চত বিমান প্ৰতিষ্ঠানটোৱে ৩ বছৰৰ বাবে চুক্তি কৰি সপ্তাহত তিনিদিন ৰূপসী-গুৱাহাটী-কলকাতা লৈ বিমান চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেইমৰ্মে প্ৰথম কেইদিন নিয়মিত বিমান চলাচল কৰিছিল যদিও যাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাত সপ্তাহত ছয় দিন বিমান চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু হঠাৎ বিমান প্ৰতিষ্ঠানটোৱে কোনো আগতীয়া জাননী অবিহনে বিমান চলাচল বন্ধ কৰাত পুনৰ বিমানবন্দৰটো বন্ধ হৈ পৰাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আনহাতে বিটিআৰ প্ৰশাসনে বিষয়টোত ন্যুনতম গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

Leave A Reply