অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্ত অনুসৰি মৰিগাঁও জিলাৰ ৩২ জনকৈ নিবনুৱা যুৱকক পৰিবহন বিভাগে প্ৰদান কৰে ড্ৰাইভিং লাইচেঞ্চ ৷ উল্লেখ্য যে উক্ত যুবক সকলক যোৱা ১৩ আগষ্টৰ পৰা জিলা পৰিবহন বিভাগে গাড়ী চলোৱাৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ জিলা পৰিবহন বিষয়া বাপন কলিতাই উক্ত যুৱক সকলক ড্ৰাইভিং লাইচেঞ্চ সমুহ যোৱা কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ লগতে জানিব পৰা মতে আজিৰ পৰা পুনৰ এই যুবকসকলক কাৰিকৰী দিশ সম্পৰ্কেও প্ৰশিক্ষণ দিব।

