আজি বাইহাটাত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে গ্ৰামীণ চাহাৰা বেচৰকাৰী সংস্থাই

আজি বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত ছয়গাওস্থিত আজিম প্ৰেমজী ফিল্লানথফিকৰ সহযোগত গ্ৰামীণ চাহাৰা বেচৰকাৰী সংস্থাৰ উদ্যোগত বাইহাটা আৰু মদাৰতলা গাও পঞ্চায়তৰ অধীনৰ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

বেচৰকাৰী সংস্থাটোৱে প্ৰথম অগ্ৰাধিকাৰ হিচাপে দিব্যাংগ সকলক বানসাহাৰ্য প্ৰদান কৰে । তাৰ পিছত আৰ্থিক ভাৱে অনগ্ৰসৰ বিধৱা আৰু শোচনীয় ভাবে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ লগতে কিছু স্বচ্ছতা জাতীয় সামগ্ৰী বিতৰণ কৰে।

বেচৰকাৰী সংস্থাটোৱে আজি বাইহাটা এলেকাৰ ২৫০ পৰিয়ালৰ মাজত এই খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। গ্ৰামীণ চাহাৰা নামৰ বেচৰকাৰী সংস্থাটোৰ এনে মহানুভৱতাক ৰাইজে শলাগ লোৱাৰ লগতে দুৰ্যোগৰ সময়ত দুৰ্গত সকলক সহায় সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles