Breaking

পেলেষ্টাইন-ইজৰাইলক ‘তাৎক্ষণিক যুদ্ধবিৰতি’ৰ আহ্বান ৰাছিয়াৰ। গাজাত ইজৰাইলী সেনাৰ গুলীত নিহত পেলেষ্টাইনী সাংবাদিক…

0 55

পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাছিয়াক। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে তয়াময়া যুঁজত লিপ্ত হৈ আছে যদিও ইজৰাইল-পেলেষ্টাইনৰ যুঁজ যেন সহিব পৰা নাই। সেয়ে যুদ্ধত লিপ্ত হোৱা ইজৰাইল-পেলেষ্টাইনক “তাৎক্ষণিক যুদ্ধবিৰতি”ৰ আহ্বান জনালে মস্কোই। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয়, “আমি পেলেষ্টাইনী আৰু ইজৰাইলক তাৎক্ষণিকভাৱে গুলীচালনা বন্ধ কৰিবলৈ, হিংসা ত্যাগ কৰিবলৈ, প্ৰয়োজনীয় সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছো।” ইজৰাইলী সেনাই গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে আৰম্ভ কৰিছে অপাৰেচন শ্বৰ্ড অফ আইৰণ ।হামাছৰ গাঠি সমূহত ইজৰাইলে আকাশ মাৰ্গৰ পৰা আক্ৰমণ আৰম্ভ কৰিছে। ফলত গাজাত তিনি শতাধিক লোক নিহত হৈছে।

গাজাৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত গাজাত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে, আনহাতে ইজৰাইলী কৰ্তৃপক্ষই তেওঁলোকৰ লোকৰ মৃত্যুৰ সংখ্যা ২৫০ জন বুলি প্ৰকাশ কৰিছে। ইপিনে গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত এজন পেস্ষ্টাইনী সাংবাদিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। নিহত সাংবাদিকজনক মহম্মদ চালহী বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে যুদ্ধৰ বাতৰি পৰিৱেশন কৰি থাকোতেই গুলীবিদ্ধ হয় সাংবাদিকজন। ইয়াৰ পিছত তেওঁ মৃত্যুক সাৱটি লয়। মহম্মদ চালহীয়েই হৈছে এইবাৰৰ ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধত নিহত প্ৰথমগৰাকী সাংবাদিক।উল্লেখ্য শনিবাৰে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰে। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিুত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই।

Leave A Reply