শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি(Russia-Ukraine)ভ্লাদিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ পিছত ট্ৰাম্পে পুটিনৰ সৈতে ইতিবাচক আলোচনা হোৱা বুলি কয়৷ তেওঁ লগতে কয় যে আমেৰিকাই এই যুদ্ধ বন্ধ কৰিব বিচাৰে৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত পুনৰ মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ সোমবাৰে প্ৰায় দুঘণ্টা ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনত কথা পাতিছিল ট্ৰাম্পে৷
পুটিনৰ সৈতে ফোন কলৰ অন্তত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে৷ এই যুদ্ধৰ পৰিস্থিতি এই পৰ্যায়লৈ অনাৰ বাবে তেওঁ জো বাইডেনৰ প্ৰশাসনকো দোষাৰোপ কৰে৷ মস্কো আৰু কিয়েভৰ মাজত সংঘাতৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে, ‘প্ৰতি সপ্তাহত গড়ে ৫ হাজাৰ যুৱ সৈনিকৰ মৃত্যু হৈছে। আমি ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰিছো৷’ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত মধ্যস্থতা কৰাৰ বাবে আমেৰিকাই কৰা প্ৰচেষ্টা নতুন নহয়৷ ইয়াৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে মন্তব্য কৰিছিল৷ সোমবাৰে পুটিনৰ সৈতে ফোন কলৰ পিছত ট্ৰাম্পে ঘোষণা কৰে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ আলোচনা তৎক্ষণাৎ আৰম্ভ হ’ব৷ যদিও তেওঁ আলোচনা তৎক্ষণাৎ আৰম্ভ হোৱাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিলেও পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ সৈতে সংঘাতৰ অন্ত পেলাবলৈ আগ্ৰহী বুলি কয়৷ ৱাশ্বিংটনত দিয়া ভাষণৰ সময়ত ট্ৰাম্পে কয় যে, ‘ভ্লাদিমিৰ পুটিন নামৰ এজন অতি ভাল ব্যক্তিৰ সৈতে মোৰ চমু কথা-বতৰা হৈছিল৷
আমাৰ মাজত ইতিবাচক কথা-বতৰা হৈছিল আৰু মই ভাবো [যুদ্ধবিৰতিৰ ওপৰত] কথাবোৰ আগবাঢ়িছে৷’ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, ‘আমি [যুদ্ধ] বন্ধ কৰিব বিচাৰো৷ তাত প্ৰকৃত ৰক্তস্নান চলি আছে৷ মই উপগ্ৰহৰ ছবিবোৰ দেখিছো, কিমান ভয়ংকৰ। এইটো আমাৰ যুদ্ধ নহয়৷ আমি সকলো কৰি আছো৷’ প্ৰসংগত তেওঁ পূৰ্বৰ বাইডেন প্ৰশাসনকো আঙুলিয়াই দিয়ে৷ ট্ৰাম্পে দাবী কৰে যে তেওঁ পূৰ্বৰ প্ৰশাসনৰ পৰিঘটনাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে৷ বাইডেন প্ৰশাসনে কেনেকৈ এনে পৰিস্থিতিৰ সৃষ্টি হ’বলৈ দিলে সেয়াও প্ৰশ্ন উত্থাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷ দৰাচলতে যোৱা শুকুৰবাৰে ইস্তানবুলৰ ৰয়েল পেলেচত কোনো মধ্যস্থতাকাৰী অবিহনে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ ওপৰত ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে মুখামুখি আলোচনা অনুষ্ঠিত কৰিছিল৷ কিন্তু দুয়োপক্ষৰ মাজত হোৱা প্ৰথমখন আলোচনা ফলপ্ৰসূ নহ’ল৷ ইয়াৰ পিছত যুদ্ধবিৰতিৰ বাবে পুনৰ সক্ৰিয় হৈ পৰে ট্ৰাম্প৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়েও ট্ৰাম্প-পুটিনৰ ফোন কলৰ পিছত ছ’চিয়েল মিডিয়াত পোষ্ট কৰে৷ জেলেনস্কিয়ে দাবী কৰে যে সোমবাৰে তেওঁ দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছিল৷
জেলেনস্কিয়ে দাবী কৰে যে ট্ৰাম্পে পুটিনৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে তেওঁৰ সৈতে ফোনত কথা পাতিছিল৷ পিছত ইউৰোপৰ বিভিন্ন দেশৰ নেতা আৰু ট্ৰাম্পৰ সৈতে ফোনত কথা পাতিছিল৷ অৱশ্যে জেলেনস্কিৰ সৈতে হোৱা ফোন কলৰ বিষয়ে ট্ৰাম্পে একো উল্লেখ কৰা নাই৷ জেলেনস্কিয়ে কয় যে ইউক্ৰেইন সদায় শান্তিৰ পক্ষত আছে৷ যদি ৰাছিয়াই হত্যা বন্ধ নকৰে, যদি বন্দীসকলক মুকলি কৰি নিদিয়ে, যদি পুটিনে পুনৰ অবাস্তৱ দাবী উত্থাপন কৰে, তেন্তে বুজিব লাগিব যে ৰাছিয়াই যুদ্ধখন দীঘলীয়া কৰিব বিচাৰিছে৷