ৰাছিয়াৰ ড্ৰোন আক্ৰমণ(Russia ukraine war news) প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ সেনাৰ নতুন অস্ত্ৰ হৈছে মাছ ধৰা জাল। জেলেনস্কিৰ দেশখনে স্ক্যাণ্ডিনেভিয়াৰ দুখন দেশ ডেনমাৰ্ক আৰু ছুইডেনৰ পৰা ২৪ লাখ ইউৰো [প্ৰায় ২৫ কোটি টাকা]ত মাছ ধৰা জাল ক্ৰয় কৰিছে৷ যোৱা মাৰ্চ মাহৰ পৰা ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ মাছ ধৰা জাল ব্যৱহাৰ কৰাৰ এক নতুন পদ্ধতিৰ পৰীক্ষা-নিৰীক্ষা কৰি আহিছে৷ বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ই যথেষ্ট ফলপ্ৰসু হৈছে৷ মুঠতে সাগৰত মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সেই শক্তিশালী জালবোৰ দুটা ধৰণে ব্যৱহাৰ কৰা হৈছে- প্ৰথমটো, আত্মঘাতী ড্ৰোনৰ আক্ৰমণ ৰোধ কৰিবলৈ৷
দ্বিতীয়তে, চোৰাংচোৱাগিৰি আৰু বোমা তথা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়া ড্ৰ’ন ধৰিবলৈ ফান্দ হিচাপে৷ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ সেনাই ইউক্ৰেইনৰ সেনাৰ বাংকাৰ, শিবিৰ আনকি গুৰুত্বপূৰ্ণ অসামৰিক স্থানৰ চাৰিওফালে তীখাৰ খুঁটা বা গছৰ পৰা জাল ওলমাই ৰাখিছে৷ বেছি ভাগ ক্ষেত্ৰতে ৰাছিয়াৰ আত্মঘাতী ড্ৰোন সেই জালত আবদ্ধ হৈ বিস্ফোৰণ ঘটে৷ ফলত বৃহৎ লোকচানৰ পৰা হাত সাৰিব পৰা যায়৷ জালে বহু ইউক্ৰেইনৰ সৈন্যৰ জীৱন ৰক্ষা কৰিছে৷ ইয়াৰ উপৰি চহৰ অঞ্চলৰ ওখ গছ বা ওখ অট্টালিকাত উলম্বভাৱে জাল ওলমাই ‘ড্ৰ’ন ফান্দ’ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ যুদ্ধৰ পৰিস্থিতিত নতুন নতুন উদ্ভাৱনৰ উদাহৰণেৰে ভৰি আছে সামৰিক ইতিহাস৷ শেহতীয়া উদাহৰণ হ’ল কিয়েভৰ ‘ড্ৰ’ন মাছধৰা জাল’৷