S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’

ভাৰতৰ বিকশিত(S-400-Barak-8) প্ৰতিৰক্ষা সামৰ্থ্যৰ এক শক্তিশালী প্ৰদৰ্শনত ‘ভাৰতীয় সশস্ত্ৰ বাহিনী’য়ে সীমান্তৰ সিপাৰে থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা ‘অপাৰেশ্যন সিন্দূৰ’ শীৰ্ষক অভিযানটোৰ পিছত পাকিস্তানৰ পৰা চলোৱা কেবাটাও মিছাইল আক্ৰমণ সফলতাৰে বিফল কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ‘এছ-৪০০ ট্ৰাইউমফ প্ৰণালী’, বাৰাক-৮ মিছাইল’, ‘আকাশ’ ভূ-পৃষ্ঠৰ পৰা বায়ু সংভেদী প্ৰতিৰক্ষা প্ৰণালী’ আৰু ‘ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত ‘এণ্টি-ড্ৰোন প্ৰযুক্তি’ অন্তৰ্ভুক্ত থকা এক সমন্বিত পৰিস্থিতিতন্ত্ৰৰ সৈতে ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো সুৰক্ষিত কৰিছে। জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি অহা প্ৰতিটো প্ৰতিকূল মিছাইলকে ধৰা পেলোৱা কথাই ৰাষ্ট্ৰৰ উচিত প্ৰস্তুতিত আলোকপাত কৰাৰ বিপৰীতে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দুৰ্বলতা উন্মোচিত কৰিছে। ভাৰতে প্ৰতিৰক্ষা নিশ্চিত কৰিয়ে থমকি ৰোৱা নাছিল।

‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণেৰে লাহোৰৰ ‘মুখ্য কাৰ্যালয়-৯’ত চীনে যোগান ধৰা বিমান প্ৰতিৰক্ষা প্ৰণালীকো লক্ষ্য কৰি ধ্বংস কৰে আৰু পাকিস্তানী ‘ৰাডাৰ আন্তঃগাঁথনি’ ক্ষতিগ্ৰস্ত কৰে। এই পদক্ষেপসমূহে ২০১৪ চনত আৰম্ভ হোৱা ভাৰতৰ ‘বিমান সুৰক্ষা ৰণনীতি’ৰ এক দশকজোৰা আমূল পৰিৱৰ্তনৰ সমাপ্তিকো চিহ্নিত কৰে। গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহৰ ভিতৰত আছে তিনিটা ‘এছ-৪০০ স্কোৱাড্ৰন’ৰ কাৰ্যকৰী নিয়োজন, ইজৰাইলৰ সৈতে ২.৫ বিলিয়ন ডলাৰৰ ‘বৰাক-৮ মিছাইল চুক্তি’, আৰু থলুৱা ‘আকাশ প্ৰণালী’ আৰু ‘আধুনিক কাউণ্টাৰ-ড্ৰোন প্লেটফৰ্ম’-ৰ একত্ৰীকৰণ।

ঐতিহাসিকভাবে এই প্ৰথমবাৰৰ বাবে ভাৰতে সক্ৰিয় যুঁজত ‘ঘূৰন্ত শস্ত্ৰ’ আৰু স্থানীয়ভাৱে নিৰ্মিত ‘হাৰোপ ড্ৰোন’ৰ লগতে লক্ষ্যনিৰ্দিষ্ট ‘স্কাল্প’ আৰু ‘হেমাৰ মিছাইল’ৰে সুসজ্জিত ‘ৰাফেল’ যুঁজাৰু বিমান নিয়োজিত কৰিছিল। এই অগ্ৰগতিসমূহে বাস্তৱ সময়ত ‘জামিং’, ভাবুকি চিনাক্তকৰণ আৰু নিষ্ক্ৰিয়কৰণ সম্ভৱ কৰিব পৰা এক স্থিতিস্থাপক, বহুস্তৰীয় প্ৰতিৰক্ষা নেটৱৰ্কৰ দিশে হোৱা পৰিৱৰ্তনকে প্ৰতিফলিত কৰে। ভাৰতে আকাশী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিজৰ আধিপত্য প্ৰদৰ্শন কৰাৰ উপৰি ‘অপাৰেশ্যন সিন্দূৰ’-ৰ জৰিয়তে ‘ভাৰত যে কেৱল নিজৰ আকাশীসীমা ৰক্ষা কৰিবলৈকে সক্ষম নহয়-বৰঞ্চ ই এতিয়া এওঁলোকক নিয়ন্ত্ৰণো কৰে’ বুলি এক স্পষ্ট বাৰ্তাও প্ৰেৰণ কৰিছে।

Related Articles