S. Jaishankar: চীনা গুৰুঃ অপাৰেচন সিন্দূৰক লৈ হোৱা আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ জয়শংকৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী (S. Jaishankar) নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত সিন্দূৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাত ভাৰতীয় সেনাৰ সফলতাৰ বিষয়ে অৱগত কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল৷ ইয়াৰ পিছতে বুধবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখপাত্ৰ জয়ৰাম ৰমেশক ‘চীনা গুৰু’ বুলি অভিহিত কৰে৷ কালি ৰাহুল গান্ধীয়ে কৈছিল– ‘পেহেলগামত প্ৰধানমন্ত্ৰীৰ হাতত নিৰীহ তেজ লাগিছিল৷ সেই বাবেই তেওঁৰ ভাবমূৰ্তি ৰক্ষাৰ বাবেই অপাৰেচন সিন্দূৰ চলোৱা হৈছিল৷’

ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকলেও দাবী কৰিছিল যে ভাৰতৰ বৈদেশিক নীতি শেহতীয়া ব্যৰ্থ হৈছে৷ বুধবাৰে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়৷ তেওঁ কয়, ‘ভাৰতৰ শত্ৰু চীন ইউ পি এ চৰকাৰৰ কৌশলগত বন্ধু আছিল৷’ জয়শংকৰে নাম নোলোৱাকৈয়ে জয়ৰাম ৰমেশৰ বিৰুদ্ধে শেল নিক্ষেপ কৰে৷ তেওঁ কয়, ‘এজন চীনা-গুৰুও আছে৷ তেওঁ এজন সাংসদ, মোৰ বিপৰীতে বহি থাকে৷

চীনৰ প্ৰতি তেওঁৰ বহুত মৰম আছে৷ তেওঁ ‘চিণ্ডিয়া’ নামৰ শব্দৰ সংমিশ্ৰণো উদ্ভাৱন কৰিছে৷ অৱশ্যে চীনৰ বিষয়ে মোৰ জ্ঞান কম, কিছুমান মানুহে অলিম্পিক চাবলৈ গৈ চীনৰ বিষয়ে জ্ঞান লাভ কৰিছে৷ তেওঁলোকে এতিয়া কি চুক্তিত স্বাক্ষৰ কৰিলে সেই বিষয়ে আলোচনা নকৰো৷’ জয়শংকৰে ইয়াতেই থমকি ৰোৱা নাছিল, তেওঁ কয়– ‘তেওঁলোকে চীনৰ ৰাষ্ট্ৰদূতক গৃহ শিক্ষক হিচাপে ৰাখিছে… চীনা-গুৰুজনে কৈছিল যে পাকিস্তান আৰু চীনে মিত্ৰতা কৰিছে৷ আমি এই বিষয়ে অৱগত আৰু ব্যৱস্থাও লৈছো৷ যদিও ৰাতিটোৰ ভিতৰতে মিত্ৰতা [পাকিস্তান আৰু চীনৰ মাজত] গঠন কৰাৰ কথা কোৱাৰ অৰ্থ হ’ল তেওঁলোকে ইয়াৰ পূৰ্বে শুই আছিল৷’

Related Articles