বেলতলা লখিমী নগৰৰ নিবাসী সৰবৰহী মহিলা পূণ্যপ্ৰভা ফুকনৰ ১৩ এপ্ৰিল,(Dr. Jogendra Nath Phukan) দেওবাৰে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। অসমৰ বিশিষ্ট ইতিহাসবিদ পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকনৰ সহধৰ্মিনী পূণ্যপ্ৰভাৰ জন্ম হৈছিল ১৯৩৩ চনত শিৱসাগৰ নগৰৰ এক সম্ভ্ৰান্ত পৰিয়ালত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বসবাসৰ সময়ত তেওঁ মহিলাসকলৰ সহযোগত বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত আছিল।
লক্ষীমন্দিৰ সমীপৰ সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। কেৱল স্বামীৰ ওপৰতে নিৰ্ভৰ নকৰি এটা সময়ত তেওঁ নিজাকৈ ব্যৱসায় কৰিও স্বাৱলম্বিতাৰ পৰিচয় দাঙি ধৰিছিল। মৃত্যুৰ সময়ত তেওঁ স্বামীৰ উপৰি পুত্ৰ, বোৱাৰী, নাতি- নাতিনীকে ধৰি অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে।