Breaking

সাপেখাতীৰ ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও : অসম মজুৰি শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

0 2,070

চৰাইদেউ জিলাৰ সাপেখাতীত ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও কৰি তীব্ৰ প্ৰতিবাদ কৰে অসম মজুৰি শ্ৰমিক ইউনিয়নৰ চৰাইদেউ জিলা সমিতিয়ে  ৷ শ্ৰমিক বিৰোধী নতুন শ্ৰম সংহিতা বাতিল কৰা, দেশীয় সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰা, চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা, সৰ্বসাধাৰণৰ সুবিধাৰ্থে যাত্ৰী বাহী ৰেলৰ পুনৰ চলাচল কৰা, চৰকাৰী বিভিন্ন আচঁনিত চলা দুৰ্নীতি বন্ধ কৰা, কা’ বাতিল কৰা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰে ৷ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ধোদৰআলিয়েদি সমদল বাহিৰ কৰি ৰাজহ চক্ৰৰ কাৰ্য্যালয় ঘেৰাঁও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে প্ৰায় এক ঘন্টাতকৈ অধিক সময় ধৰি প্ৰতিবাদ কৰাৰ অন্তত ৰাজহ চক্ৰৰ বিষয়াৰ হাতত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

Leave A Reply