Breaking

আজিৰ দিনটোতই ক্ৰিকেটৰ পৰা বিদায় লৈছিল তেণ্ডুলকাৰে

0 20

নিউজ ডেস্কঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ১৬ নৱেম্বৰ ২০১৩ তাৰিখ আজিৰ দিনটোতেই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছিল। এইদিনটো আছিল, আঠ বছৰ আগতে, যেতিয়া মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাইছিল। তেণ্ডুলকাৰৰ কেৰিয়াৰ দুটা দশকজুৰি বিস্তৃত আছিল। মুম্বাইত নিজৰ ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০০ তম টেষ্ট খেলৰ পিছত তেওঁ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। তেওঁৰ অন্তিম টেষ্টত ৭৪ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁক স্পিনাৰ নৰসিং দেওনাৰিনে পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেণ্ডুলকাৰৰ অন্তিম ইনিংছ হোৱাৰ বাবে উদযাপন কৰা হোৱা নাছিল। তেণ্ডুলকাৰে ১৬ বছৰ বয়সতেই ভাৰতৰ হৈ ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। তেণ্ডুলকাৰে সকলো ফৰ্মেটতে মুঠ ৩৪,৩৫৭ ৰাণ সংগ্ৰহ কৰিছিল।

Leave A Reply