কলিয়াবৰৰ কুঁৱৰীটোলৰ (Sadou Asom Lekhika Samaroh Samiti)গান্ধী খেলপথাৰত আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু ত্ৰিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন। কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত পদ্মশ্ৰী ড° শীলা বৰঠাকুৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত লেখিকা সমাৰোহ সমিতিৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক লেখিকা প্ৰতিনিধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট লেখক-লেখিকাই। প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত ৫০ জোপা নাহৰ পুলি ৰোপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰবীণ সদস্যা তথা প্ৰতিষ্ঠাপক উপ সভানেত্রী অমলপ্ৰভা দেৱী লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মনোমতী কুৰ্মী, বিজয়া সন্দিকৈ, প্ৰদীপ বৰা, সাবিত্ৰী গায়ন, গোলাপ বৰা, সাংবাদিক গৌতম কুমাৰ বৰা, তপন শইকীয়াই, ৰাণু মণ্ডল, চিন্ময় ৰাজখোৱা, অন্নমাই বড়ো, আৰু দিপালী বৰাই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।
মূল তোৰণ উদ্বোধন কৰে ৰাজহ চক্ৰ বিষয়া ৰাজনিচান শৰ্মাই। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক বিমল বৰুৱাই। বিয়লি প্ৰতিনিধি শিবিৰ মুকলি কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই। সন্ধ্যা প্ৰতিনিধি সভা, অন্তৰঙ্গ আলাপ আৰু সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় সমিতি, জিলা, শাখা সমিতিৰ প্ৰতিনিধি আৰু আদৰণি সমিতিৰ সদস্যা সকলে অংশগ্ৰহণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈৰ সভানেত্রীত্বত অনুষ্ঠিত সভা খন সঞ্চলনা কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্রী দৰ্পনা বৰা নেওগে । আদৰণি ভাষণ আগ বঢ়ায় কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী চাৰুমণি হাজৰিকাই। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ গীতা দাসে।
ইফালে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আজি পুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে। সোণালী জয়ন্তী উপলক্ষে ৫০ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰিব প্ৰাক্তন সভানেত্ৰী নিৰুপমা মিশ্রই। পুৱা ১১ বজাত গ্ৰন্থ মেলাৰ দুৱাৰ মুকলি কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমোধৰ হাজৰিকাই। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব টংকেশ্বৰ বৰাই। ইয়াৰ পিছতে সাবিত্ৰী বৰগোঁহাইৰ সোঁৱৰণত অনুষ্ঠিত হ’বলগা বুৰঞ্জী সম্মিলন উদ্বোধন কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। সঞ্চালনা কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰে। চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সমাৰোহ ৫ জানুৱাৰীত অন্ত পৰিব।

