‘সাহিত্য প্ৰাণ’ ড° কুতুবুদ্দিন আহমেদ ভৱনৰ শিলান‍্যাস সমাৰোহ

সদৌ অসম কবি সন্মিলনৰ ‘সাহিত্য প্ৰাণ’ ড° কুতুবুদ্দিন আহমেদ ভৱনৰ শিলান‍্যাস সমাৰোহ খনি টীয়কৰ মেলেং বজাৰৰ সন্মুখত দেওবাৰে অনুষ্ঠিত হয়। যোৰহাট জিলা কবি সন্মিলনৰ ব্যৱস্থাপনা আৰু আতিথ্যত আয়োজিত কৰা সমাৰোহখনিত কবি সন্মিলনৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে।

সদৌ অসম কবি সন্মিলনে এটি নিজা গৃহ নথকাত যোৱা ৩৫ টা বছৰে যি যন্ত্ৰণাৰ সন্মুখীন হৈ আহিছিল, সেই যন্ত্ৰণাৰ  ওৰ পৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। ড° কুতুবুদ্দিন আহমেদৰ নামত তেখেতৰ পৰিবাৰ এলিজা বেগমে আগবঢ়োৱা ভূমিত দেওবাৰে  ৪ লাখ টকীয়া এটা প্ৰকল্পৰ শুভাৰম্ভণি কৰে। এই প্ৰকল্পত সদৌ অসম কবি সন্মিলনৰ এটা প্ৰেক্ষাগৃহ, পুথিভঁৰাল, গৱেষণা কেন্দ্ৰকে আদি কৰি বহু কেইটা কাৰ্য্যালয় থাকিব বুলি জানিবলৈ দিছে।


বিৰাজ বৰা,কাকজান

Related Articles