Breaking

অসম সাহিত্য সভাৰ উদ্যোগত ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ…

0 2,067

কাৰ্বি আংলং জিলাৰ ডিফুত জয়সিং দলৈৰ প্ৰেক্ষাগৃহত শণিবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে ‘সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ’ অনুষ্ঠিত হৈছে ৷ অসম সাহিত্য সভাৰ উদ্যোগত কাৰবি সাংস্কৃতিক সমাজ আৰু কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত এই সমাৰোহত ভিন্ন জাতি-জনগোষ্ঠীৰ সাহিত্য আৰু সাংস্কৃতিক বিনিময় ঘটিছে ৷ সমাৰোহৰ কাৰ্যসূচী অনুসৰি–আজি পুৱা ৮.৪৫ বজাত কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিদুঙে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে আৰু স্মৃতি তপৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰবি লাম্মেত আমেইৰ সভাপতি বাৰিম ইংতিয়ে৷ দিনৰ ১০.৩০ বজাত চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনী দ্বাৰউদ্‌ঘাটন কৰে বিশিষ্ট শিল্পী ৰবিৰাম ব্ৰহ্মই৷ দিনৰ ১১ বজাৰ পৰা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি ডঙ্ম কুলধৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৷ ভাষণ প্ৰসংগত ড° শইকীয়াই কয় – : “ফলে ফুলে জাতিস্কাৰ, অসম এখনি সুন্দৰ ফুলনি ৷ ভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনত গঢ় লৈ উঠা এই ফুলনিৰ সৌন্দৰ্য্যই সকলোকেই মোহিত কৰে ৷“ কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰা এই সমাৰোহত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং উপস্থিত থাকে ৷ বিয়লি দুই বজাৰ পৰা লোক কৃষ্টি সমাৰোহ অনুষ্ঠিত হয় ৷উক্ত সমাৰোহ উদ্বোধন কৰে কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰসিং ক্ৰ’য়ে৷


কাইলৈ অৰ্থাৎ ১০ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা বিশিষ্ট কবি¸ ছাৰ য়েৎ হান্সেৰ সঞ্চালনাত অনুষ্ঠিত হ’ব বহুভাষিক কবি সন্মিলন৷ প্ৰায় ৩০ গৰাকী কবিয়ে অংশগ্ৰহণ কৰিব লগা উক্ত কবি সন্মিলন উদ্বোধন কৰিব পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে৷ উক্ত কবি সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰাগ্‌ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু৷ বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘সম্প্ৰীতি সমাৰোহ’ উদ্বোধন কৰিব কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে৷ উল্লেখ্য, আজি মাটি আখৰা নৃত্য, ভোৰতাল নৃত্য, ওজাপালি, কাৰবি নৃত্য, ডিমাছা নৃত্য, নেপালী নৃত্য, বেংগলী নৃত্য, আদিবাসী নৃত্য, মান চাই নৃত্য, বডো. নৃত্য, মেছ কছাৰী নৃত্য, বিহু নৃত্য, জেং বিহু, আদি অসমৰ ভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহে পৰিৱেশন কৰাৰ উপৰি জীনা ৰাজকুমাৰী, তৃষ্ণা দেৱী, বুবুমণি আৰু মৃদুল বৰুৱাকে ধৰি কেবাজনো শিল্পীয়ে গীত পৰিবেশনো কৰে ৷ বৰ্ষৰ বাবে জয়সিং হাঞ্চে সোঁৱৰণি বঁটা বিশিষ্ট সাহিত্যিক লুনছে তিমুঙক সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই প্ৰদান কৰে৷ তদুপৰি ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা প্ৰদান কৰে বিশিষ্ট শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱাক৷


আনহাতে সমাৰোহৰ সৈতে সংগতি ৰাখি সাংবাদিক সঞ্জু বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘ডিফু’ উন্মোচন আৰু বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক লৈ গীতিকাৰ দেৱেন কাকতিয়ে ৰচনা কৰা আৰু হিমাক্ষি বৰাই গোৱা এটা গানৰ ভিডিঅ’ অনুৰাগীৰ বাবে আগবঢ়াই দিয়ে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে৷

Leave A Reply