Saif Ali Khan: পিতৃ ছেইফক প্লাষ্টিকৰ তৰোৱাল উপহাৰ দিলে পুত্ৰই, ক’লে অহাবাৰ চোৰ আহিলে… !

শেহতীয়াকৈ বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, উক্ত ঘটনাত ছেইফ আহত হৈছিল। (Saif Ali Khan)। এতিয়া লাহে লাহে সুস্থ হৈছে ছেইফ আলি খান। এই ঘটনাৰ কেইবদিন মানৰ পিছতেই ছেইফে সেই নিশাৰ সকলো কথা মুকলিকৈ এটা সাক্ষাৎকাৰত ক’লে। সেই সময়ত তেওঁ নিজৰ সৰু পুত্ৰ জেহৰ বিষয়েও ক’লে কিছুমান কথা।

এই আক্ৰমণৰ পিছত পৰিয়ালটোৰ কি প্ৰতিক্ৰিয়া আছিল সেই বিষয়েও আলোচনা কৰে অভিনেতাগৰাকীয়ে।অভিনেতাজনে কয় যে আক্ৰমণৰ পিছত জেহে মোক প্লাষ্টিকৰ তৰোৱাল এখন দি কৈছে অহাবাৰ চোৰ আহিলে মোৰ বিচনাৰ ওচৰতে ৰাখিবলৈ কৈছে। জেহে আৰু কয় যে গীতাই আব্বাক ৰক্ষা কৰিলে আৰু আব্বাই মোক ৰক্ষা কৰিলে।

ছেইফে কয় যে আক্ৰমণকাৰীয়ে ঘৰলৈ আহি তেওঁলোকৰ সৈতে কাজিয়া কৰি থকাৰ সময়তে জেহ সাৰ পাইছিল। লগতে হয়তো সি এই সকলোবোৰ দেখিছিল। একে সময়তে ছেইফে ক’লে যে মোৰ ডাঙৰ ল’ৰা টাইমূৰে মোৰ গাত তেজ দেখি সুধিলে, তুমি মৰিবা নেকি? তেতিয়া মই কলো- নাই।

এই দুৰ্ঘটনাৰ পিছত ছেইফ পাঁচ দিন লীলাৱতী চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তাত তেওঁৰ দুটা অস্ত্ৰোপচাৰ কৰা হৈছিল। অপাৰেচনৰ সময়ত তেওঁৰ পিঠিত এটুকুৰা চুৰীও উদ্ধাৰ হয়। অৱশ্যে এতিয়া তেওঁ সুস্থ হৈছে আৰু তেওঁৰ আগন্তুক ছবিৰ বাবেও কাম আৰম্ভ কৰিছে। এই দুৰ্ঘটনাৰ পিছত ‘জুৱেল থিফ’ৰ প্ৰচাৰৰ সময়ত দেখা গ’ল তেওঁক।

Related Articles