Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ

মুম্বাই আৰক্ষীয়ে ছেইফ আলী খানৰ ওপৰত ছুৰীৰে আক্ৰমণৰ কৰা অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰত মুম্বাই আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্তৰ বিষয়ে কিছু কথা কৈছে। সংবাদমেলত মুম্বাই জ’ন ৯ৰ ডিচিপি দিক্ষিত গেদামে কয় যে অভিযুক্তৰ নাম মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ, বয়স ৩০ বছৰ। আৰক্ষীৰ মতে, তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল। অভিযুক্ত বাংলাদেশৰ পৰা অহা বুলিও সন্দেহ কৰা হৈছে যদিও ছেইফৰ ঘৰত কিয় চুৰি কৰিছিল সেই কথাও উল্লেখ কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই ছমাহ পূৰ্বে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছিল আৰু নাম সলনি কৰি বিজয় দাস কৰিছিল। তেওঁ মুম্বাইৰ এটা হাউচকিপিং এজেন্সীত কাম কৰি আছিল। সেয়েহে আৰক্ষীয়ে তেওঁক বাংলাদেশী মূলৰ বুলি সন্দেহ প্ৰকাশ কৰি এই কথা নিশ্চিত কৰিবলৈ অধিক তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তক আদালতত হাজিৰ কৰা হ’ব।

Related Articles