অভিনেতা ছেইফ আলী খানে অটো ৰিক্সা চালক ভজন সিং ৰানাক লগ কৰে। অটো ৰিক্সা চালক ভজন সিঙে আঘাতপ্ৰাপ্ত অৱস্থাত ছেইফ আলী খানক লীলাৱতী হাস্পতাললৈ লৈ গৈছিল। (Saif Ali Khan)এই সময়ত ছেইফে অটো চালকজনক ধন্যবাদ জনায়। লগতে তেওঁক ছেইফে কাষত বহাই লৈ তেওঁৰ লগত বহুত কথা পাতিলে। তেওঁলোকৰ কথা-বতৰাৰ পিছত অটো চালকসকল অতি সুখী। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অটো ৰিক্সা চালক ভজন সিঙে ক’লে অভিনেতা ছেইফে তেওঁক কি কি ক’লে-(bhajan singh rana)
ভজন সিঙে ক’লে যে ছেইফে তেওঁক চিকিৎসালয়লৈ নিয়াৰ বাবে ধন্যবাদ জনাই আৰু ক’লে যে যদি কেতিয়াবা কিবা প্ৰয়োজন হয় তেন্তে মুকলিকৈ ক’বলৈ। ছেইফ আলীৰ লগতে তেওঁৰ মাতৃ শৰ্মিলা ঠাকুৰেও ভজন সিঙৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ক’লে, ছেইফৰ পৰিয়ালৰ লোকসকলে মোক বহুত সন্মান দিলে। তেওঁৰ লগত চেলফি এখনো তুলিলোঁ।
লগতে ভজন সিঙে ক’লে, ‘মই সুখী যে মই তেওঁক সহায় কৰিলোঁ, এইটো মোৰ বাবে এটা ডাঙৰ কথা আৰু মই গৌৰৱ অনুভৱ কৰিছো। ঘটনাৰ নিশাৰ কথাও উল্লেখ কৰি কয় ভজন সিঙে, ‘সেই নিশা মই অটো চলাই থাকোঁতে ৰাস্তাত স্পীড ব্ৰেকাৰৰ জোকাৰণিৰ বাবে ছেইফৰ বিষ হৈছিল। ছেইফে কৈছিল, “জোকাৰণি হৈছে, লাহে লাহে গাড়ী চলাওক।”
কথা-বতৰাৰ সময়ত ভজন সিঙেও কয় যে তেওঁ বেছি টিভি আৰু চিনেমা নাচায়। সেইবাবেই হস্পিতালত ছেইফৰ লগত লগ পোৱা আন মানুহবোৰক তেওঁ চিনিব পৰা নাছিল। আনকি যেতিয়া ছেইফক তেওঁৰ অট’ত আহত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তেতিয়াও ভজন সিঙে গম পোৱা নাছিল যে আহত ব্যক্তিজন ছেইফ আলী খান। একে সময়তে যদি সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অটো চালকজনক ৫০ হাজাৰ টকা দিছে ছেইফে।