Saif Ali Khan: পাকিস্তানৰ সৈতে কি সম্পৰ্ক ছেইফ আলী খানৰ! এই তিনিটা সম্পত্তি CEPI হাতলৈ যাব পাৰে

বলীউডৰ বিখ্যাত অভিনেতা(Saif Ali Khan) ছেইফ আলী খানৰ পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত এক বৃহৎ তথ্য প্ৰকাশ। জানিব পৰা মতে ছেইফৰ তিনিটা সম্পত্তি শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহে, য’ত ভোপাল, ছিহোৰ আৰু ৰাইজেনৰ কোটি কোটি মূল্যৰ সম্পত্তিও অন্তৰ্ভুক্ত। দৰাচলতে গৃহ মন্ত্ৰালয়ৰ কাষ্টোডিয়ান অৱ এনিমি প্ৰপাৰ্টি (চিইপিআই)য়ে ২০২৫ চনৰ ৮ মে’ত প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে নবাব হামিদুল্লা খানৰ কন্যা আবিদা আৰু আফতাব বেগম পাকিস্তানৰ নাগৰিক। সেয়েহে তেওঁৰ সম্পত্তিবোৰক শত্ৰুৰ সম্পত্তি বুলি ঘোষণা কৰা হৈছে।

এই তথ্য সমাজকৰ্মী অমিতাভ অগ্নিহোত্ৰীৰ অভিযোগৰ ওপৰত দিয়া হৈছে। এই বিষয়ত এতিয়া চি ই পি আইৰ দলে এক সমীক্ষা চলাই আছে। অগ্নিহোত্ৰীয়ে ১৯৪৯ চনৰ একত্ৰীকৰণ চুক্তিৰ মূল প্ৰতিলিপি নবাব পৰিয়ালৰ পৰা বিচাৰিবলৈ দাবী জনাইছে। লগতে জমা নিদিয়াৰ ক্ষেত্ৰত সম্পত্তি জব্দ কৰিব লাগে। উচ্চ ন্যায়ালয়ত দাখিল কৰা মালা শ্ৰীবাস্তৱৰ প্ৰতিবেদন অনুসৰি ভোপাল আৰু ইয়াৰ আশে-পাশে প্ৰায় ৫৫০ একৰ মাটি নবাব পৰিয়ালৰ নামত পঞ্জীয়ন কৰা হৈছিল, যিখিনি ব্যক্তিগত সম্পত্তি নাছিল।

এম এইচ এৰ প্ৰতিবেদন অনুসৰি ভাৰতত পাকিস্তানীৰ মুঠ ১২,৯৮৩ টা সম্পত্তি আছে। এই সকলোবোৰ শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহে। এই সম্পত্তিসমূহ ভাৰতৰ শত্ৰুৰ সম্পত্তিৰ কাষ্টোডিয়ানৰ ওচৰত। ইয়াৰে অধিকাংশ সম্পত্তি উত্তৰ প্ৰদেশ (৫৬৮৮) আৰু পশ্চিম বংগ (৪৩৫৪)ত অৱস্থিত।

শত্ৰুৰ সম্পত্তি কি?

শত্ৰুৰ সম্পত্তিৰ অৰ্থ হ’ল শত্ৰু দেশ, ইয়াৰ নিৰ্ভৰশীল বা শত্ৰু দেশৰ প্ৰতিষ্ঠানৰ সম্পত্তি। ১৯৬৮ চনৰ শত্ৰুৰ সম্পত্তি আইনৰ অধীনত চৰকাৰে এই সম্পত্তি জব্দ কৰি চি ই পি আইক গতাই দিয়ে। কিন্তু ২০১৭ চনত আইনখনৰ সংশোধনীৰ পিছত এতিয়া যিকোনো উত্তৰাধিকাৰীয়ে ভাৰতীয় নাগৰিক হোৱাৰ পিছতো এই সম্পত্তিসমূহ দাবী কৰাৰ বা ক্ষতিপূৰণ দাবী কৰাৰ অধিকাৰ নাই যদিও এই সম্পত্তিসমূহ বিক্ৰী, লিজ বা অন্য কামত ব্যৱহাৰ কৰাৰ অধিকাৰ চিইপিআইৰ আছে।

Related Articles