Saiyaara Actors: কিমান ধনী ‘Saiyaara’ৰ আহান পাণ্ডে আৰু অনিত পদ্দা ? মুক্তিৰ প্ৰথম সপ্তাহতে ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰিছে ‘Saiyaara’এ

মুক্তিৰ পিছতে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে ‘ছাইয়াৰা’ ছবিখনে। (Saiyaara Actors) ১৮ জুলাইত এই ছবিখন মুক্তি পোৱাৰ মাত্ৰ ৭ দিন হ’ল আৰু এই সাত দিনতে বহুত উপাৰ্জন কৰিছে ছবিখনে। প্ৰথম ৩ দিনতে ছবিখনে বাজেট ঘূৰাই পাইছিল আৰু এতিয়া ১৫০ কোটি অতিক্ৰম কৰিছে। সকলোতে মানুহে আলোচনা কৰিছে। এই ছবিখনে কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰি এতিয়া দ্ৰুতগতিত ২০২৫ চনৰ আটাইতকৈ ডাঙৰ হিট ছবিসমূহৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আহন পাণ্ডে আৰু অনিত পদ্দাৰ এইখন প্ৰথম ছবি যদিও দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। কৃশ কাপুৰ নামৰ এজন সংগীত শিল্পী আৰু বাণী বাটৰা নামৰ এগৰাকী শান্ত কবিৰ জীৱনৰ আৱেগিক প্ৰেম কাহিনী ওপৰত আধাৰিত এই ছবিখনৰ কাহিনী। বিশেষকৈ নৱপ্ৰজন্মই এই কাহিনীৰ সৈতে নিজকে অনুভৱ কৰিছে আৰু ছবিখন চোৱাৰ পিছত আৱেগিক হৈ পৰিছে। ছবিখনৰ সফলতাৰ এক ডাঙৰ কাৰণ হ’ল ছবিখনৰ সৰলতা আৰু আৱেগিক কাহিনী।

এতিয়া ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনৰ বাজেট আছিল ৬০ কোটি, মাত্ৰ ৩ দিনতে বাজেট উঠি গৈছিল। চতুৰ্থ দিনটোতে ছবিখনে ১০০ কোটি উপাৰ্জন কৰে আৰু সপ্তম দিনলৈকে ইয়াৰ সংগ্ৰহ ১৫০ কোটি হয়। ‘ছাইয়াৰা’ এতিয়া ২০২৫ চনৰ শীৰ্ষ ৫ খন ব্লকবাষ্টাৰ ছবিৰ ভিতৰত অন্যতম।এই ছবিখনে বক্স অফিচত অভিলেখ ভংগকাৰী আৰম্ভণি কৰিছিল আৰু এতিয়া সকলোতে চৰ্চা চলিছে। এটা কথা স্পষ্ট হৈ পৰিছে যে ছবিখনে ৰাইজৰ অন্তৰত গভীৰভাৱে স্থান লৈছে।

বৰ্তমান বক্স অফিচত চমক কৰি সৃষ্টি আছে আহন পাণ্ডে আৰু অনিতা পদ্দাৰ অভিনীত ছবি ‘ছাইয়াৰা’এ। আপোনালোকে জানেনে এই ছবিখনত অভিনয় কৰা তাৰকা আহন পাণ্ডে আৰু অনিতা পদ্দাৰ সম্পত্তি কিমান।

আপোনালোকক জনাওঁ যে আহান পাণ্ডে ইতিমধ্যে বহুত ধনী। বলীউডৰ অভিনেতা চাংকি পাণ্ডেৰ ভাতৃৰ পুত্ৰ আহান পাণ্ডে। আহান পাণ্ডেৰ মাতৃ ডিয়েন পাণ্ডে এগৰাকী বিখ্যাত লেখিকা, আনহাতে আহান পাণ্ডেৰ ভগ্নী ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী।

আহান পাণ্ডেই ছবিখনৰ পূৰ্বে ইতিমধ্যে বলীউডত কাম কৰি আহিছে। আহন পাণ্ডেই সহকাৰী পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আহানে ৰক অন ২, দ্য ৰেলৱে মেন আৰু মাৰ্দানী ২ৰ দৰে বহু হিট ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰি আহিছে।

আহানে মডেলিংও কৰে। আনকি ছবিখনৰ আগতেও আহান পাণ্ডেই বলীউডত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও আনন্দ পাণ্ডেই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰাও বহুত উপাৰ্জন কৰে। আপোনালোকক কওঁ যে ছবিখন মুক্তি পোৱাৰ আগতেও আহান পাণ্ডেই মাহে ৩০ৰ পৰা ৩৫ লাখ টকা উপাৰ্জন কৰিছিল। আহান পাণ্ডেৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে তেওঁৰ মুঠ সম্পত্তি প্ৰায় ৪১ কোটি টকা যদিও এতিয়ালৈকে আহান পাণ্ডেই নিশ্চিত কৰা নাই।

অনিতা পদ্দাৰ নেট ৱৰ্থ সন্দৰ্ভত কোনো তথ্য দিয়া নাই। কিন্তু খবৰ অনুসৰি অনিতা পদ্দাৰ প্ৰায় ৫০ লাখৰ পৰা ১ কোটি টকাৰ সম্পত্তি বুলি কোৱা হৈছে। অনিতা পদ্দাৰ সম্পত্তি ছাইয়াৰাৰ ছবিৰ পিছত বহু পৰিমাণে বৃদ্ধি পাব পাৰে। কিন্তু অনিতা পদ্দাই নিজৰ সম্পত্তিৰ বিষয়ে একো প্ৰকাশ কৰা নাই।

Related Articles