Breaking

সজল ফাউণ্ডেচনে কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন

0 1,106

গোসাইগাঁও মহকুমাৰ বিভিন্ন স্কুলৰ পৰা কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন।সজল ফাউণ্ডেশনৰ উদ্যোগত সফল শিক্ষাৰ্থীসকলক এখন ফুলাম গামোচা,মানপত্ৰ কলম আদিৰে ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়, গোসাঁইগাঁও মহকুমাৰ অৱস্থিত ভোমৰাবিল কমিউনিটি হলত আয়োজন কৰা হয় অনুষ্ঠান খন। সজল ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত কাৰ্যসূচীত ১০০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। আৰু ভবিষ্যতে যাতে পঢ়াশুনা কৰি এজন এজনকৈ ডাঙৰ মানুহ হিচাবে গঢ়ি উঠে সেই উদ্দেশ্যলৈ ভাষন আগবঢ়ায়।

চক্ৰ বিষয়া ব্ৰিষ্টি বৰা আৰু সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰীতম ডেকা।সম্বৰ্ধনা অনুষ্ঠানটোত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাৰ উপৰিও গোসাইগাঁও মহকুমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া,সমাজসেৱক, অভিভাৱক সকলে শিক্ষাৰ্থীসকলক আৰু বেছিকৈ উৎসাহিত কৰি তুলাৰ উদ্দেশ্যলৈ তেওঁলোকৰ মূল্যৱান ভাষণ প্ৰদান কৰে।সজল ফাউণ্ডেচনৰ এনে কাৰ্যক অঞ্চলৰ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply