Breaking

ওড়িশা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ ছলমান, চিৰঞ্জীৱী, জুনিয়ৰ এন টি আৰ। টুইটযোগে শোক প্ৰকাশ…

0 50

ভয়ংকৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ছলমান খান, চিৰঞ্জীৱী, জুনিয়ৰে। টুইটযোগে শ্ৰদ্ধাঞ্জলি জনাইছে আটাইকেইজন অভিনেতাই। ২ জুনত ওড়িশাৰ বালাসোৰ জিলাত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ছলমান খান, চিৰঞ্জীভি, জুনিয়ৰ এন টি আৰে। এই দুৰ্ঘটনাক লৈ তেওঁ টুইট কৰি শোক প্ৰকাশ কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত এতিয়ালৈকে ৩০০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৯০০ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক উদ্ধাৰৰ কাম দ্ৰুতগতিত চলি আছে।

ছলমান খানে টুইট কৰি কয় – দুৰ্ঘটনাৰ খবৰ পাই মই বৰ দুখ পাইছো। ভগৱানে মৃতকৰ আত্মাক শান্তি প্ৰদান কৰক আৰু এই ঘটনাত আহত হোৱা সকলৰ পৰিয়ালক শক্তি আৰু শান্তি প্ৰদান কৰক।

জুনিয়ৰ এন টি আৰেও টুইট কৰি ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ টুইট কৰি লিখিছে- এই কৰুণ ৰেল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি।

চাউথৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি তেওঁৰ অনুৰাগীসকলক আহ্বান জনায় যে দুৰ্ঘটনাগ্ৰস্ত অঞ্চলটোৰ ওচৰতে বসবাস কৰা লোকসকলে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিব লাগে। তেওঁৰ টুইটো চাওক


অভিনেত্ৰী প্ৰিয়া আনন্দেও টুইট কৰি দুৰ্ঘটনাটোক শোক প্ৰকাশ কৰি গাফিলতিৰ ফল বুলি অভিহিত কৰে।


ৰে’লৱেৰ এজন বিষয়াই জনোৱা মতে, ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ডবাবোৰ ৰে’লপথৰ পৰা ওলাই যোৱাৰ পিছত এখন মালবাহী ট্ৰেইনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়ষ। যাৰ বাবে মালবাহী ৰে’লখনো দুৰ্ঘটনাৰ কবলত পৰে। তেওঁ জনোৱা মতে, সন্ধিয়া প্ৰায় ৭.২০ বজাত বহাংগা বজাৰ ষ্টেচনত কলকাতাৰ সমীপৰ শলিমাৰ ষ্টেচনৰ পৰা চেন্নাই চেণ্ট্ৰেললৈ গৈ থকা কৰ’মেণ্ডেল এক্সপ্ৰেছ খন দুৰ্ঘটনাত পতিত হয়।

Leave A Reply