Breaking

ছৌদি আৰৱত ৰোনাল্ডোৰ সৈতে ছলমান খান, কিন্তু কিয়…

0 2,229

ছলমান খান আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এটা ভিডিঅ’ অনুৰাগীৰ মাজত সৃষ্টি কৰিছে আলোড়নৰ৷ ছৌদি আৰৱত অনুষ্ঠিত হৈ থকা এম এম এ মেচৰ সময়ত এই দুয়োগৰাকী চেলিব্ৰিটিক দেখা পোৱা গৈছিল একেলগে। আচলতে শেহতীয়াকৈ ছৌদি আৰৱত টাইছন ফিউৰি আৰু ফ্ৰান্সিছ ঙানুৰ মাজত এম এম এ মেচ হৈছিল, য’ত বহু চেলিব্ৰিটিক দেখা গৈছিল। ইয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত ছলমান খানৰ কাষত বহি থকা দেখা গৈছে ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্রেয়সী জর্জিনা ৰড্ৰিগেজ৷

এই ভিডিঅ’টোৰ পিছত ছলমান আৰু ৰোনাল্ডোক একেটা ফ্ৰেমত দেখা পাই আনন্দত আত্মহাৰা অনুৰাগী।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ছলমান খান বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ৰ বাবে চৰ্চাত আছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, যাৰ বাবে দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি দেখা গৈছে।


Leave A Reply