নিমখ অবিহনে খাদ্যৰ সোৱাদ নহয়। (Salt) নিমখ এনেকুৱা এটা বস্তু যিটো পৃথিৱীৰ প্ৰতিটো ঠাইতে খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে জ্যোতিষ আৰু বাস্তু শাস্ত্ৰতো নিমখক যথেষ্ট গুৰুত্ব দিয়া হৈছে। নিমখৰ প্ৰতিকাৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। ইয়াৰ লগতে নেতিবাচকতা, ৰোগ, ঋণ আৰু দৰিদ্ৰতাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। জ্যোতিষত নিমখ চন্দ্ৰ আৰু শুক্ৰৰ লগত সম্পৰ্কিত।
নিমখৰ প্ৰতিকাৰ-
নিমখৰ এনে বহু প্ৰতিকাৰ আছে যিয়ে এজন ব্যক্তিৰ বহু সমস্যা দূৰ কৰিব পাৰে। ধনৰ নাটনি হওক বা ঘৰুৱা বিবাদেই হওক।
ঘৰত যদি প্ৰতিদিনে কাজিয়া হয়, তেন্তে গ্লাছৰ সৰু বাটি এটাত নিমখ ভৰাই শোৱা কোঠাত ৰাখিব। ই নেতিবাচক শক্তি আঁতৰাই ঘৰলৈ শান্তি কঢ়িয়াই আনিব।
ঘৰৰ পৰা নেতিবাচকতা আঁতৰাবলৈ পানীত এচামুচ নিমখ দি সপ্তাহত দুবাৰকৈ মজিয়া মচিব লাগে। মনত ৰাখিব যে এই প্ৰতিকাৰ দেওবাৰ আৰু বৃহস্পতিবাৰে নকৰিব।
যদি টকা ঘৰত নাথাকে তেন্তে গ্লাছৰ বাটি এটাত অলপ নিমখ লৈ তাত চাৰি-পাঁচটা নহৰু ৰাখিব। তাৰ পিছত ঘৰৰ এটা চুকত ৰাখক। ইয়াৰ ফলত ঘৰখন সমৃদ্ধিশালী হৈ থাকিব।
যদি আপুনি সঘনাই অসুস্থ হৈ থাকে, তেন্তে শুই থকাৰ সময়ত মূৰৰ ওচৰত কাঁচৰ বাটি এটাত নিমখ ৰাখিব। মাজে মাজে নিমখ সলনি কৰি থাকিব।

