Breaking

প্ৰয়াত সমীৰণ বৰদলৈৰ ৬৬ তম জন্মবাৰ্ষিকীত ‘সমাজৰ দিন’ উদযাপন

0 37

অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান, বিশিষ্ট সমাজ সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ ৬৬ তম জন্মবাৰ্ষিকী উপলক্ষে সোমবাৰে সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থায়ে যৌথভাৱে প্ৰয়াত সমাজপ্ৰাণ ব্যক্তিগৰাকীৰ সশ্ৰদ্ধ সোঁৱৰণত যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ‘সমাজৰ দিন’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে। স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা সভাখনত যৌথভাৱে সঞ্চালনা কৰে স্মৃতিৰক্ষা সমিতিৰ সভাপতি ললিত বৰা আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়ে।

কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ সহধৰ্মিনী শিখা বৰদলৈয়ে সমীৰণ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে পংকজ বৰুৱাই মংগলাচৰণ আৰু প্ৰয়াত সমীৰণ বৰদলৈৰ জীয়াৰী অভিলেখা বৰদলৈয়ে প্ৰাৰ্থনা পৰিৱেশন কৰাৰ পাছতেই জাঁজী হেমনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° মণ্টু কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈৰ জাতীয় জীৱন আৰু যোৰহাটৰ সমাজ জীৱনলৈ অনবদ্য অৱদান, উত্তৰ প্ৰজন্মৰ বাবে ৰাখি থৈ যোৱা চানেকিসমূহৰ সম্পৰ্কে বক্তব্য ৰাখে।

লগতে ড° বৰাই কয়, সমাজৰ বিভিন্ন ক্ষেত্ৰক অসংগঠিত যোগাত্মক দিশ সমূহক সংগঠিত কৰাৰ ক্ষেত্ৰত বৰদলৈ দেৱে মুখ্য ভূমিকা পালন কৰিছিল ৷ উত্তৰ প্ৰজন্মৰ মাজত প্ৰয়াত বৰদলৈদেৱৰ চৰ্চা অব্যাহত ৰখাৰ স্বাৰ্থত দীপাংকৰ বিদ্যাপীঠৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অভিনন্দা বৰপূজাৰীয়ে সুন্দৰভাৱে বৰদলৈদেৱৰ জীৱন বৃত্তান্তৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে।

অনুষ্ঠানটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী হিচাপে ‘সমাজপ্ৰাণ প্ৰয়াত সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা’ ২০২৪, মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা সৰ্বভাৰতীয় কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ, দিপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা দেৱাশীষ শৰ্মাক প্ৰদান কৰা হয়।

উক্ত বঁটাটি এখনি সম্বৰ্ধনা পত্ৰ ,চেলেং চাদৰ , গামোচা , জাপি , এখন সঁফুৰা , এটি স্মাৰক আৰু নগদ দহ হাজাৰ টকাৰে সম্বলিত। অসম চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া হৈও ২০০৪ চনৰ পৰা দীপশিখা ফাউণ্ডেশ্যন প্ৰতিষ্ঠাৰে পৰা বৰ্তমানৰলৈকে ডেৰ লক্ষাধিকতকৈও অধিক কৰ্কটৰোগী আৰু অভিভাৱকক নিঃস্বাৰ্থভাৱে সেৱা প্ৰদান কৰি উপকৃত অহা মানৱদৰদী ব্যক্তিজনক সমাজলৈ আগবঢ়োৱা এই অৱদানৰ বাবে এই বৰ্ষৰ বঁটা প্ৰদান কৰা হয়।

বঁটাটি লাভ কৰি বঁটাপ্ৰাপকগৰাকীয়ে কয় , প্ৰয়াত সমীৰণ বৰদলৈৰ পৱিত্ৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা নিজ গৃহ জিলাত গ্ৰহণ কৰি নিজকে ধন্য মানিছোঁ আৰু উৎসাহিত হোৱাৰ লগতে যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছোঁ । লগতে কয় , ছাত্ৰ সন্থা আৰু স্মৃতি ৰক্ষা সমিতিৰ এই মহৎ পদক্ষেপক শলাগ লোৱাৰ লগতে প্ৰয়াত বৰদলৈদেৱৰ সান্নিধ্য সুঁৱৰি যোৰহাটৰ সমাজ জীৱনত সমীৰণ বৰদলৈ সদায় ধ্ৰুৱতৰা হৈ জিলিকি ৰ’ব বুলি ব্যক্ত কৰে । বঁটা প্ৰাপক গৰাকীয়ে বৰদলৈদেৱৰ জীৱনৰ শেষৰচোৱা সময়ৰ সান্নিধ্য সুঁৱৰি কৰ্কটৰোগৰ সজাগতাৰ উপৰতো বক্তব্য ৰাখে৷

ভাল চিন্তা আৰু ভাল কৰ্মৰাজি বিয়পাই নিয়াৰ চিন্তাৰে সমৃদ্ধ সমীৰণ বৰদলৈৰ জীৱন এক মাইলৰ খুঁটি বুলি তেওঁ অভিহিত কৰে। অনুষ্ঠানটোত উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ সহধৰ্মিনী শিখা বৰদলৈয়ে ছাত্ৰ সন্থা আৰু স্মৃতিৰক্ষা সমিতিৰ এইয়া এক মহৎ প্ৰচেষ্টা বুলি ব্যক্ত কৰাৰ লগতে সমীৰণ বৰদলৈদেৱক সমাজজীৱনত জীয়াই ৰখাৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা হাতত লোৱা ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে। সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্যিক সম্পাদিকা নিহাৰিকা শইকীয়া, অসম উন্নতি সভাৰ সম্পাদক জুল খাউণ্ড, যোৰহাট মহকুমা পৰিষদৰ প্ৰাক্তন সচিব বিমান বৰুৱা, জ্যেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিমল চন্দ্ৰ বৰী, সমীৰণ বৰদলৈদেৱৰ একালৰ সতীৰ্থ প্ৰাক্তন ছাত্ৰনেতা ৰাজা চক্ৰৱৰ্তী হেমন্ত কলিতা আদিকে ধৰি ডেৰ শতাধিক ব্যক্তি চক্ৰৱৰ্তী উপস্থিত থাকে।

বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , জাতীয়তাবাদৰ পুৰোধা ব্যক্তি, যোৰহাটৰ সমাজজীৱনৰ এক উজ্জ্বল নক্ষত্ৰ, সমাজ সংগঠক তথা ক্ৰীড়া সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ কৰ্মৰাজি, আদৰ্শ আৰু অসাধাৰণ-অনন্য চিন্তা চেতনাৰ প্ৰচাৰ আৰু প্ৰসাৰেই হৈছে আজিৰ ‘সমাজৰ দিন’ আৰু ‘সমাজপ্ৰাণ প্ৰয়াত সমীৰণ বৰদলৈ সমাজসেৱা বঁটা’ প্ৰদানৰ মুখ্য উদ্দেশ্য।

প্ৰয়াত বৰদলৈদেৱৰ চিন্তাৰ বাটেদি সমাজ উপকৃত হ’ব পৰাকৈ সমাজখনৰ সৈতে নিবিড়ভাৱে সংপৃক্ত হৈ থকা যি সমল তেওঁ এৰি গৈছে তাৰ দ্বাৰা যাতে নতুন প্ৰজন্মই এক গতি লাভ কৰিব পাৰে সেই চিন্তাৰ লগতে সমীৰণ বৰদলৈ দেৱক চিৰসজীৱ কৰি সমাজত জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই পুনৰ ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিয়ে তেওঁৰ ৬৬ তম জন্মবাৰ্ষিকী আজি ৰাজহুৱা পৰিৱেশত উদযাপন কৰিছে। আগন্তুক দিনটো অধিক নতুনত্ব আৰু গতিশীলতাৰে এই অনুষ্ঠান আগুৱাই নিয়া হ’ব বুলিও তেওঁ ব্যক্ত কৰে।

সভাতেই ছাত্ৰ সন্থাই ইতিমধ্যে প্ৰয়াত সমীৰণ বৰদলৈৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ ক্ষেত্ৰত উত্থাপন কৰা দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে পুনৰ দোহাৰে। অনুষ্ঠানত বঁটাপ্ৰাপক দেৱাশীষ শৰ্মাক যোৰহাট জিলা সাহিত্য সভা, অসম বকুলবন সমাজ, যোৰহাট মহকুমা ছাত্ৰ সন্থা, অসম সেনা, অসম উন্নতি সভা, আজু, যোৰহাট জিলা সমিতি,জ্যোতি চিনে ক্লাৱ, যোৰহাট সাংস্কৃতিক মঞ্চ, সুৰৰ দেউল সংগীত বিদ্যালয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা ক্ৰীড়া সন্থা, যোৰহাট জিলা পেৰালিম্পিক সন্থা, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতি, যোৰহাট জিলা লেখিকা সমাজ, বিহু শিল্পী সংস্থা, দিশ, সাহস, সতীৰ্থ-৯১, বন্ধু-৮৯, উজনি অসম চেম্বাৰ্চ অব কমাৰ্চ, আগ্ৰৱাল যুৱ সমাজ, শিখ য়ুথ এচ’চিয়েশ্যন, চুতীয়া জাতি যুৱ সন্মিলন, শংকৰদেৱ বিদ্যা নিকেতন, যোৰহাট গ্ৰেটাৰ লায়ন্স ক্লাৱ, কৃষ্টিৰ কঠীয়া, যোৰহাট মৎস্য বজাৰ ব্যৱসায়ী সন্থা, যোৰহাট জিলা টাইকোৱাণ্ডো সন্থা, জয়হিন্দ মহিলা সমিতি, বড়িগাঁও ছাত্ৰ সমাজ, নৱোদয় ক্লাৱ, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা, টিয়ক আঞ্চলিক ছাত্ৰ সন্থা, কাকজান আঞ্চলিক ছাত্ৰ সন্থা, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা দেউৰী ছাত্ৰ সন্থা, উত্তৰ-পশ্চিম যোৰহাট ফাৰ্মাচ প্ৰডিউচাৰ কোম্পানী, ড° ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিকে ধৰি যোৰহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান , ৰাজহুৱা অনুষ্ঠান, বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave A Reply