২০২৫ চনৰ ১ ডিচেম্বৰৰ(Samantha And Raj Nidimoru Wedding) পুৱা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে পৰিচালক ৰাজ নিদিমৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

“চিটাডেল: হানি বানি” অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে আজি “দ্য ফেমিলি মেন”ৰ পৰিচালক ৰাজ নিদিমৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াৰ সুন্দৰ ফটো শ্বেয়াৰ কৰিছে। তেওঁৰ বিয়াক লৈ তেওঁৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে।

২০২৪ চনৰ পৰাই অভিনেত্ৰীগৰাকীয়ে পৰিচালকগৰাকীৰ সৈতে ডেটিং কৰি আহিছে বুলি খবৰ ওলাইছিল। তেওঁলোকৰ বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈও পৰিছিল। অৱশ্যে এই উৰাবাতৰি সন্দৰ্ভত সামন্থা বা ৰাজ নিদিমৰুৰ দলে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাছিল। অৱশেষত আজি দুয়ো বিবাহপাশত আৱদ্ধ হয়।

কইনা ৰূপত সামান্থাক ধুনীয়া দেখা গৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা ফটোসমূহত সামান্থাই পিন্ধিছে ৰঙা, শাৰী। কইনা হিচাপে সামান্থাক ধুনীয়া আৰু সুখী দেখা গৈছে।

