Samujjal Kumar Bhattacharya । মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, অসম আন্দোলনৰ অগ্রণী কর্মী বীণা ভট্টাচাৰ্যৰ দেহাৱসান ।

বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত তেওঁ আজি পুৱা নিজৰ গুৱাহাটীস্থিত বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সদস্য আৰু আত্মীয়স্বজনৰ উপস্থিতিত পুৱা ১০.৩০ বজাত নগৰৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন ।

বীণা ভট্টাচাৰ্য এগৰাকী সদায় নীৰৱ অৱদান আগবঢ়োৱা সমাজসেৱিকা হিচাপে পৰিচিত আছিল। তেওঁৰ মৃত্যুতে আছু পৰিয়ালসহ বহু সংগঠন আৰু ব্যক্তি গভীৰ শোক প্ৰকাশ কৰিছে।

ডঃ ভট্টাচাৰ্যৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিভিন্ন দল-সংগঠনে।