গুৱাহাটী, ২৪ জুনঃSamujjal Kumar Bhattacharya ।
অসম আন্দোলনৰ সক্রিয় সৈনিক, সমাজ-সচেতন সৰবৰহী মহিলা আৰু আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য আৰু নাই। সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত গুৱাহাটীৰ জটিয়াৰ শিৱশক্তি পথত থকা জীয়ৰীৰ ঘৰত ৯৫ বছৰ বয়সত বীণা ভট্টাচাৰ্যই ইহলীলা ত্যাগ কৰে।

১৯৩০ চনৰ ৩ অক্টোবৰত জন্মগ্ৰহণ কৰা বীণা ভট্টাচাৰ্যই ডিব্ৰুগড় মিশ্যনেৰী স্কুল, গোৱালপাৰা, যোৰহাট আৰু তেজপুৰৰ বিভিন্ন প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰিছিল। দৰং মহাবিদ্যালয়ত অধ্যয়নৰ সময়তে ৰাজ্যৰ গড়কাপ্টানী বিভাগৰ পূৰ্বতন অভিযন্তা সীতাংশু ভট্টাচাৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰায় ২৫ বছৰ পূৰ্বে স্বামীৰ বিয়োগ ঘটে।
প্ৰখ্যাত ‘বাসেজ’ বংশৰ সন্তান বীণা ভট্টাচাৰ্যই কম বয়সতে দেশৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণত স্বেচ্ছাসেৱক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। অভিজ্ঞান, শৃংখলাবদ্ধতা আৰু আত্মনিবেদনৰে তেখেত অসমীয়াৰ জাতীয়তাবাদী ধাৰাৰ এক নিঃশব্দে প্ৰভাৱ বিস্তাৰ কৰা প্ৰতিচ্ছবি আছিল।

তেখেতৰ সন্তানসকলৰ ভিতৰত –
- ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (আছুৰ মুখ্য উপদেষ্টা)
- উজ্জ্বল ভট্টাচাৰ্য (ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন অতিৰিক্ত মহাপ্ৰবন্ধক)
- কবিতা ভট্টাচাৰ্য (অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক)
- বিভূজ্জ্বল ভট্টাচাৰ্য (ৰাষ্ট্ৰীয় তথ্য পৰিষদৰ তথ্য-প্রযুক্তি সঞ্চালক)
জ্যেষ্ঠ পুত্ৰ প্রাঞ্জল ভট্টাচার্য, অসমৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন সঞ্চালক, আগতেই দেহাৱসান কৰে।
বীণা ভট্টাচাৰ্যৰ জোৱায় ডাঃ উমেশ চন্দ্ৰ শৰ্মা, ৰাজ্যৰ স্বাস্থ্য শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক তথা শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।

তেখেত মৃত্যুৰ সময়ত পুত্ৰ-বোৱাৰী, জীয়াৰী-জোৱাই, নাতি-নাতিনী, আজোনাতি আৰু বহু আত্মীয়-গুণমুগ্ধ এৰি থৈ গ’ল। অভিনয়, নাট্যকলা, বীয়ানাম, গোঁসাইনামৰ দৰে লোকসংস্কৃতিৰ চর্চাত নীৰৱে ব্রতী হৈ থকা এই মহিলাগৰাকীৰ মৃত্যুত সৰবৰহীত অজস্ৰ গুণমুগ্ধৰ ঢৌ বৈছে।
মঙলবাৰে পুৱা বীণা ভট্টাচাৰ্যৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াৰ নিজ বাসগৃহলৈ অনা হয়। তাতেই বহু গণ্যমান্য ব্যক্তি, দল-সংগঠন, সামাজিক সংগঠন আৰু সাধাৰণ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেখেতৰ অন্ত্যেষ্টিক্রিয়া অসংখ্য অনুৰাগী, আত্মীয় আৰু আছুৰ কৰ্মীৰ উপস্থিতিত সম্পন্ন কৰা হ’ব।
বীণা ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ লাখ লাখ কৰ্মীৰ বাবে মাতৃস্বৰূপ আছিল। তেখেতৰ মৃত্যুত আছুৱে হেৰুৱালে এগৰাকী নীৰৱ অভিভাৱক, যি সদায় সংগঠনৰ আত্মিক দিশৰ এক মুকুতা আছিল।
তেখেতৰ শূন্যতাই কেৱল পৰিয়াল নহয়, অসমীয়াৰ জাতীয় জীৱনলৈ এক অপূৰণীয় ক্ষতি।