Breaking

আমেৰিকাৰ ছান ফ্ৰান্সিক্সোত উদযাপিত হ’ল বিষ্ণু ৰাভা দিৱস

0 52

লুইতৰ পৰা মিচিচিপি, শোণিতপুৰৰ তেজপুৰৰ পৰা ছিলিকনভেলীলৈ এইবাৰ প্ৰবাহিত হ’ল অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন – দৰ্শন।

উল্লেখ্য যে আমেৰিকাৰ ছান ফ্ৰান্সিস্কো বে এৰিয়াৰ প্ৰবাসী অসমীয়া সমাজে এইবাৰ প্ৰথমবাৰৰ বাবে ছান ৰেমন কমিউনিটি চেণ্টাৰত  কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে।

আমেৰিকা নিবাসী প্ৰবাসী অসমীয়া লোকসকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত আৰু গীতৰ আধাৰত আয়োজন কৰা সুৰীয়া – সাংগীতিক  সাংস্কৃতিক সন্ধিয়াত অসমীয়া সমাজৰ শতাধিক লোকে অংশগ্ৰহণ কৰে।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন, সাহিত্য আৰু শিল্পকলাৰ বিভিন্ন দিশ সামৰি বিশেষকৈ প্ৰবাসী অসমীয়া সকলৰ উত্তৰ পুৰুষক বিশেষ ভাৱে জড়িত কৰি প্ৰথমবাৰৰ বাবে উদযাপন কৰা এই অনুষ্ঠানৰ মাজতে শিশুসকলক এখন দেৱাল আলোচনী “সৃষ্টি”ৰ বাবে নিজৰ সৃষ্টিৰাজি জমা দিবলৈ অনুপ্ৰাণিত কৰা এই অনুষ্ঠানত প্ৰবাসী অসমীয়া সকলে সংগীতৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰাতো আছিল  এক বিশেষ দিশ।

উল্লেখ্য যে, এই অনুষ্ঠানৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা গুগোলত জ্যেষ্ঠ প্ৰবন্ধক হিচাপে কৰ্মৰত তথা গুগোলত অসমীয়া লিপিৰ প্ৰয়োগত বিশেষ ভূমিকা গ্ৰহণ কৰা তেজপুৰ কেতেকীবাৰীৰ বিশিষ্ট শিক্ষাবিদ বিজয় শইকীয়াৰ কন্যা ৰসিকা শইকীয়াৰ বিশেষ তৎপৰতাত প্ৰবাসী অসমীয়াৰ এই অনুষ্ঠানৰ বাবে তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত দ – পৰ্বতীয়াৰ দেৱী সিং ঘাটৰ লুইতৰ পাৰৰ পৰা কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই বাণীৱদ্ধ কৰি পঠিওৱা ভাষণে সকলো প্ৰবাসী অসমীয়াকে আপ্লুত কৰি তোলাই নহয় সকলোকে অনুপ্ৰাণিত কৰি তোলে।

বিশেষকৈ মিছিছিপিৰ পাৰত থাকি অসমৰ লুইতৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰে উপস্থিত সকলো প্ৰবাসী অসমীয়া । কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই আমেৰিকা বাসীয়ে প্ৰথমবাৰৰ বাবে অসমীয়া জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গৰাকীক স্মৰণ কৰিবলৈ আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰদান কৰা ভাষণত ছাত্ৰ জীৱনৰ পৰা মৃত্যৰ সময়লৈকে বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আৰু সৃষ্টিৰাজিৰ লগতে সংগ্ৰামী জীৱন ধাৰা গীতৰ কলিৰে আলোকপাত কৰি উদ্বুদ্ধ কৰি তোলে।

Leave A Reply