পুনৰ ছবিগৃহত মুক্তি পাব হৰ্ষবৰ্ধন ৰানে আৰু মাৱৰা হোকানে অভিনীত ৰোমান্টিক ছবি ‘চনম তেৰী কছম’। অনুৰাগীৰ দাবীত ৭ ফেব্ৰুৱাৰীত পুনৰবাৰ প্ৰদৰ্শিত হ’ব ‘ইন্দ্ৰ’ আৰু ‘সুৰু’ৰ কাহিনী।(Sanam Teri Kasam) ২০১৬ চনত মুক্তি পোৱা হৰ্ষবৰ্ধন ৰাণ আৰু মাৱৰা হোকানেৰ ছবি ‘সনম তেৰী কছম’এ দৰ্শকৰ যথেষ্ট মৰম লাভ কৰিছিল।
অনুৰাগীৰ পৰা ছবিখনে লাভ কৰা মৰমৰ সন্দৰ্ভত অভিনেতা হৰ্ষবৰ্ধন ৰাণে কয় যে ‘চনম তেৰী কছম’ৰ প্ৰতি থকা প্ৰেম কেতিয়াও কমি যোৱা নাই। ছবিখনৰ পুনৰ মুক্তিৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীৰ আহ্বান দেখি উৎসাহজনক হৈ পৰিছে। এই ছবিখনে মোক ইমানখিনি দিছে আৰু এই ছবি খন আকৌ এবাৰ ডাঙৰ পৰ্দাত দেখাটো শব্দৰে বৰ্ণনা কৰিব নোৱাৰা অনুভৱ। এই প্ৰেম কাহিনী জীয়াই ৰখাৰ বাবে ধন্যবাদ!
চলচ্চিত্ৰ প্ৰযোজক দীপক মুকুটে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, ‘চনম তেৰী কছম’ মুক্তি পোৱাৰ পৰাই ৰাইজৰ হৃদয়ত স্থান দখল কৰিছে। মুক্তিৰ ৯ বছৰৰ পাছতো অনুৰাগীয়ে ছবিখন পুনৰ মুক্তিৰ বাবে কৰা দাবী প্ৰভাৱ বাৰুকৈ পৰে।
তথ্য অনুসৰি বিহাৰকে ধৰি দেশৰ বহু প্ৰান্তৰ অনুৰাগীয়ে ‘চনম তেৰী কছম’ পুনৰ মুক্তিৰ দাবী জনাই। অনুৰাগীৰ দাবীত ছবি নিৰ্মাতাসকলে পুনৰ ছবিখন মুক্তিৰ সিদ্ধান্ত লয়। ৰাধিকা ৰাও আৰু বিনয় সপ্ৰুৰ পৰিচালক ‘চনম তেৰী কছম’ ছবিখন অহা ৭ ফেব্ৰুৱাৰীত ছবিগৃহলৈ ঘূৰি আহিব। ছবিখনত হৰ্ষবৰ্ধন ৰাণে আৰু মাৱৰা হোকানেৰ লগতে মনীষ চৌধুৰী, মুৰালী শৰ্মা, অনুৰাগ সিনহা, বিজয় ৰাজ, সুদেশ বেৰী, কমল আদিকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।